/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/hemanta-soren.jpg)
ডিজিটেল ডেস্ক: এইবাৰ তীব্ৰ ৰাজনৈতিক সংকতে দেখা দিছে ঝাৰখণ্ডত । বিধায়কৰ পদ খাৰিজ হ'ল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেণৰ। দেশৰ নিৰ্বাচনী আয়োগে তেওঁ ক্ষমতাৰ অপ-ব্যৱহাৰ কৰাৰ অভিযোগত এই পদ খাৰিজ কৰে। অৱশ্যে এই পৰ্যন্ত ইয়াৰ কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই।
ইয়াৰ লগে লগে ৰাজ্য খনৰ মহাজোটৰ চৰকাৰৰ ওপৰত বিপদ আহি পৰিছে। উল্লেখ্য যে, কেইমাহ মান পূৰ্বে দুৰ্নীতিৰ অভিযোগত ঝাৰখণ্ডৰ প্ৰশাসনিক বিষয়া পূজা সিংঘালক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। ঝাৰখণ্ডৰ খনি আৰু উদ্যোগ বিভাগৰ সচিব পূজা সিংঘাল আছিল হেমন্ত সোৰেণৰ ঘনিষ্ঠ।
কিন্তু এই দপ্তৰটোত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ ক্ষেত্ৰত নাম সাঙোৰ খাইছে মুখ্যমন্ত্ৰী হেমন্ত সোৰেণৰ। জানিব পৰা মতে জনপ্ৰতিনিধি আইনৰ 9A ধাৰাৰ অধীনত বিধায়কৰ পদ খাৰিজ কৰা হয় সোৰেণৰ। গতিকে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ থকাৰ ক্ষমতা হেৰুৱালে সোৰেণে।
উল্লেখ্য যে, এই সন্দৰ্ভত নিৰ্বাচনী আয়োগে ঝাৰখণ্ডৰ ৰাজ্যপাল ৰমেশ বাইছলৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে। অৱশ্যে বৰ্তমান পৰ্যন্ত ইয়াৰ কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই। অন্যহাতে এই সন্দৰ্ভত ঝাৰখণ্ড মুক্তি মৰ্চাইও কোনো ধৰণৰ কথা স্পষ্ট কৰা নাই।
বিধায়কৰ পদ খাৰিজ হ'লে মুখ্যমন্ত্ৰীৰ পদো হেৰুৱাব সোৰেণে। অৱশ্যে ৬ মাহৰ ভিতৰত তেওঁ পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। আৰু এই ৬ মাহতেই তেওঁ সুযোগ পাব পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ।
আৰু পঢ়ক: বিভাজন হ'ব অসম ! অবিভক্ত গোৱালপাৰা আৰু বংগৰ ৭ জিলা সামৰি গঠন হ'ব কোচবিহাৰ কেন্দ্ৰীয় শাসিত অঞ্চল !