ঝাৰখণ্ডৰ ৩ বিধায়কক গ্ৰেপ্তাৰ, অসমলৈ আহিছিল নে নাই তদন্ত কৰিবলৈ বৰঝাৰত চিচিটিভি ফুটেজ পৰীক্ষা

ঝাৰখণ্ডৰ ৩ বিধায়কক গ্ৰেপ্তাৰ, অসমলৈ আহিছিল নে নাই তদন্ত কৰিবলৈ বৰঝাৰত চিচিটিভি ফুটেজ পৰীক্ষা

author-image
asomiyapratidin
New Update
ঝাৰখণ্ডৰ ৩ বিধায়কক গ্ৰেপ্তাৰ, অসমলৈ আহিছিল নে নাই তদন্ত কৰিবলৈ বৰঝাৰত চিচিটিভি ফুটেজ পৰীক্ষা

ডিজিটেল ডেস্ক: মঙলবাৰে গুৱাহাটীলৈ আহিছিল পশ্চিম বংগ আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ চাৰি জনীয়া এটি দল।  পশ্চিম বংগৰ হাওৰাত ৪৮ লাখ নগদ ধনৰ সৈতে ঝাৰখণ্ড কংগ্ৰেছৰ তিনিজন বিধায়কক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত তদন্ত কৰিবলৈ এই দলটো অসমলৈ আহে।

Advertisment

ইয়াৰ মাজতে স্থানীয় আৰক্ষীয়ে বংগৰ এই দলটোক আটক কৰা কথা গুৱাহাটী আৰক্ষীয়ে অস্বীকাৰ কৰিছে লগতে কয় যে তেওঁলোক বংগ আৰক্ষীক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে।

তিনি কংগ্ৰেছী বিধায়কক নগদ ধন সহ গ্ৰেপ্তাৰ কৰা বাতৰিয়ে সমগ্ৰ দেশতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সন্দৰ্ভতে তদন্ত কৰিবলৈ বংগ আৰক্ষী দলটো আহে। গ্ৰেপ্তাৰ হোৱা বিধায়ক কেইজন অসমলৈ আহিছিল নে নাই সেইবাবে বৰঝাৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰিবলৈ আহে দলটোৱে।

। গ্ৰেপ্তাৰ হোৱা বিধায়ক কেই গৰাকীয়ে কৈছে যে টকাখিনি শাৰী বজাৰৰ কৰিবৰ বাবে আছিল। ৩০ জুলাইত দুজন সহযোগীৰ সৈতে গ্ৰেপ্তাৰ হোৱা তিনিওজন নেতা বৰ্তমান বংগত আৰক্ষীৰ জিম্মাত আছে। গ্ৰেপ্তাৰ হোৱা বিধায়ক কেইগৰাকী – ইৰফান আনচাৰী, ৰাজেশ কাচাপ আৰু নামান বিশাল কমগাৰী।

আৰু পঢ়ক: গ্ৰেপ্তাৰ হ'ব পাৰে ছোনিয়া গান্ধী!

assam Assam police himanta biswa sarma