/asomiyapratidin/media/media_files/2025/07/28/morigaon-28-2025-07-28-19-40-47.jpg)
ডিজিটেল সংবাদ মায়ং: মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডৰ অধীনস্থ ঝাৰগাঁও গাঁও পঞ্চায়তৰ নৱ নিৰ্বাচিত সমিতিখনে সোমবাৰে আনুষ্ঠানিক ভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু কাৰ্যালয় গৃহত প্ৰবেশ কৰে।চৰকাৰী গাঁও প্ৰধান জৱহৰলাল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে পঞ্চায়ত সচিব অংকুৰ বৰুৱাই।
সাংবাদিক নজৰুল ইছলামে আঁতধৰা আদৰণি অনুষ্ঠানত গাঁও পঞ্চায়তৰ নব নিৰ্বাচিত সভানেত্ৰী বন্দনা মজুমদাৰ ডেকা আৰু ৱাৰ্ড সদস্য সদস্যাসকলক গাঁও পঞ্চায়তৰ কৰ্মচাৰীসকলে গামোচা আৰু জাপিৰে আদৰণি জনায়।সভাত উপস্থিত থাকি দিহা পৰামৰ্শ আগবঢ়াই মন্ত্ৰী পীযুষ হাজৰীকাৰ ব্যক্তিগত সহায়ক অপূৰ্ব ডেকা, ঝাৰগাঁও মোহনবাশী দাস কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ বিপুল দাস, গাঁও প্ৰধান প্ৰদীপ শইকীয়া, জাগী ভকতগাঁও জিলা পৰিষদৰ সদস্য মন্টু বৰদলৈ, মায়ং গাঁও পঞ্চায়তৰ সভাপতি দীপাংকৰ কলিতাই।
উপ সভাপতি কবিতা দাস, ৱাৰ্ড সদস্য ক্ৰমে দৈৱেশ্বৰ কেলেং, জেকিবুৰ ৰহমান, পূৰ্ণিমা শইকীয়া, মঞ্জু দাস, মৃদুলা ভৰালী দেউৰী, গৌতম পাটৰ, নচৰত আফৰিন, গোবিন্দ দাসক লগত লৈ সভানেত্ৰী বন্দনা মজুমদাৰ ডেকাই কৰ্মচাৰীসকলৰ উপস্থিতিত কাৰ্যালয় গৃহত প্ৰবেশ কৰি সভানেত্ৰীৰ আসন গ্ৰহণ কৰে।
আজিৰ সভাত উপস্থিত থাকে মায়ং মণ্ডল বিজেপিৰ সভাপতি চন্দন দাস, অৱসৰপ্ৰাপ্ত শিক্ষক পৰমানন্দ শইকীয়া,সমাজ কৰ্মী গোপন ডেকা,মুলহক আলী,প্ৰমুখ্যে ঝাৰগাঁও পঞ্চায়তৰ অন্তৰ্গত দহটা ৱাৰ্ডৰ শতাধিক বিশিষ্ট নাগৰিক।