
ডিজিটেল ডেস্ক: আমি সচৰাচৰ পুৰুষসকলকহে পাণ দোকানত পাণ বনোৱা দেখিবলৈ পাওঁ।কিন্তু ঝাঁচীত এনে এখন পাণ দোকান আছে, য’ত এগৰাকী মহিলাই পাণ বনাই গ্ৰাহকক মুখৰ সোৱাদ দি আহিছে। এইৰাকী ‘পাণৱালী’ৰ নাম শ্বেতা সিং। ঝাঁচীৰ সদৰ বজাৰত ‘পাণ এৰ’মা’ নামেৰে জনাজাত এই পাণ দোকানখনত আপুনি শ্বেতা সিঙক অতি আগ্ৰহৰে গ্ৰাহকৰ বাবে পাণ বনাই থকা দেখিবলৈ পাব।আপুনি জানি হয়তো আচৰিত হ’ব যে, পাণ ব্যৱসায়ক পেছা হিচাপে লোৱা শ্বেতা প্ৰকৃততে এগৰাকী অভিযন্তা।
সৰুৰে পৰা পাণ খাবলৈ ভাল পোৱা শ্বেতাই সদায় দোকানলৈ গৈ পাণ কিনিবলৈ সংকোচ অনুভৱ কৰিছিল।যাৰ বাবে মন পছন্দৰ পাণ এখন খাবলৈ তেওঁ ভাতৃ অথবা বন্ধুয়ে এখন পাণ আনি দিয়ালৈ বাট চাবলগীয়া হৈছিল।নিজৰ মনৰ পছন্দৰ কিবা এটা খাবলৈ বেলেগৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱাটোয়ে শ্বেতাৰ মনত সদায়েই দুখ দিছিল।সেয়ে ভৱিষ্যতে তেওঁৰ লগতে আন মহিলাইও যাতে নিজ ইচ্ছাৰে সংকোচ বোধ নকৰাকৈ এখন দোকানৰ পৰা পাণ কিনি খাব পাৰে, সেই চিন্তা কৰিয়েই উচ্চ শিক্ষা গ্ৰহণৰ পাছতো শ্বেতায়ে ‘পাণৱালী’ৰ পৰিচয় লৈ পাণ দোকান চলাবলৈ আৰম্ভ কৰিছিল।
‘পাণ এৰ’মা’য়ে মহিলাক দিয়ে আৰামদায়ক পৰিৱেশ
ভালপোৱা বস্তু এটা খাবলৈ মনত হোৱা সংকোচে শ্বেতাক নিজাকৈ এখন পানৰ দোকান আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।এই সন্দৰ্ভত শ্বেতাই উল্লেখ কৰা মতে, পাণ দোকান এখন সাধাৰণতে বহু পুৰুষে আগুৰি থাকে, যাৰ বাবে মহিলাসকলে মন গ’লেও পাণ দোকান এখনলৈ যাবলৈ সংকোচ কৰে।সেয়েহে, মহিলা তথা পৰিয়ালৰ সদস্যসকলক এক আৰামদায়ক পৰিৱেশ দিবলৈ তেওঁ এই দোকানখন আৰম্ভ কৰিছে।
১৫-১৫০০টকালৈকে পাণ উপলব্ধ
শ্বেতাৰ মতে, আমাৰ অধিকাংশই কলিকতা আৰু বেনাৰসী পানৰ সোৱাদ লৈ সেয়াই ভাৰতৰ ‘বিশেষ পাণ’ বুলি ধাৰণা কৰি লৈছে।কিন্তু শ্বেতাৰ দোকানতো এনে কিছুমান পাণ পোৱা যায়, যিবোৰ ভাৰতৰ আৰু আন প্ৰান্তত পোৱা নাযায়।ইয়াৰ ভিতৰত ‘বিশেষ’ মিঠা পাণ, চাটনি পাণ, এয়াৰ পাণ, অৰিঅ' পাণ, পেন শ্বেক, ক্ৰিটকট পাণ, গৌগাপ্পা পাণ, ৰাব্ৰী পাণ, বাৰ্গাৰ পাণ আৰু ভিআইপি পাণ বিশেষভাৱে উল্লেখ্যনীয়।তেওঁৰ দোকানত ১৫ টকাৰ পৰা ১৫০০ টকা মূল্যলৈকে পান ৰখা হৈছে, যাতে সকলো শেণীৰ মানুহেই তেওঁৰ পাণ খাব পাৰে।শ্বেতাই লগতে কয় যে, তেওঁৰ দোকানৰ আটাইতকৈ ‘বিশেষ’ কথাটো হ'ল যে তেওঁ বনোৱা সকলো পাণ সম্পূৰ্ণৰূপে ধপাত মুক্ত।উল্লেখ্য, এই বিশেষ দোকানখনৰ পৰাই শ্বেতায়ে মাহত লাখ লাখ টকা আৰামেৰে উপাৰ্জন কৰি আছে।
সোৱাদৰ সৈতে স্বাস্থ্য
শ্বেতাই বৰ্ণনা কৰিছে যে পাণ সোৱাদৰ লগতে স্বাস্থ্যৰ বাবেও বহুত ভাল। সকলো বয়সৰ মানুহে পাণ খাব লাগে। পাণে ডায়েবেটিচ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। মুখৰ আলচাৰ পাণৰ দ্বাৰাও আৰোগ্য কৰিব পাৰি।তদুপৰি পাণে আপোনাৰ খাদ্য হজম কৰাতো বহু সহায় কৰে।