বিদ্যালয়ত পাঠদান চলি থাকোতেই খহিঁ পৰিল ছাঁদ! থিতাতে প্ৰাণ হেৰুৱালে ৪ শিশুৱে...

আনদিনাৰ দৰেই বিদ্যালয়খনত আৰম্ভ হৈছিল কাম-কাজ। সকলো শিক্ষাৰ্থী প্ৰাৰ্থনাৰ অন্তত শ্ৰেণীকোঠাত বহিছিলহি। আৰম্ভ হৈছিল পাঠদান। এনে সময়তে সংঘটিত হয় সেই ভয়ংকৰ

author-image
Asomiya Pratidin
New Update
ikik

ডিজিটেল ডেস্কঃ আনদিনাৰ দৰেই বিদ্যালয়খনত আৰম্ভ হৈছিল কাম-কাজ। সকলো শিক্ষাৰ্থী প্ৰাৰ্থনাৰ অন্তত শ্ৰেণীকোঠাত বহিছিলহি। আৰম্ভ হৈছিল পাঠদান। এনে সময়তে সংঘটিত হয় সেই ভয়ংকৰ ঘটনাটো। হঠাতে খহিঁ পৰি বিদ্যালয়খনৰ ছাঁদ।

ফলত থিতাতে নিহত হয় ৪গৰাকী শিক্ষাৰ্থী। বৰ্তমানেও খহিঁ অহা ছাঁদ তথা দেৱালৰ তলত বহুকেইজন শিক্ষাৰ্থী আৱদ্ধ হৈ আছে। মৃত্য হোৱা শিক্ষাৰ্থীৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে।

শোকাৱহ আৰু ভয়ংকৰ এই ঘটনাটো সংঘটিত হৈছে ৰাজস্থানত। ৰাজস্থানৰ ঝালবাড় জিলাত ২৫জুলাইৰ পুৱাভাগত সংঘটিত হয় এই ঘটনাটো। পিপলৌডী গাঁৱৰৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত হোৱা এই ঘটনাৰ পাছতে ৰাজস্থান চৰকাৰে জিলা প্ৰশাসক উচ্চ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে।

ৰাজস্থান