/asomiyapratidin/media/media_files/2025/01/19/NTsETUalXhguMX7w8q2e.jpg)
ডিজিটেল ডেস্কঃ গণৰাজ্য দিৱস সমাগত । সমগ্ৰ দেশৰ লগতে অসমতো আৰক্ষী-প্ৰশাসনে কটকটীয়া কৰিছে নিৰাপত্তা ব্যৱস্থা । সমান্তৰালভাৱে বিভিন্ন ধৰণৰ মৌলবাদী তথা জেহাদী সংগঠনসমূহেও কুটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।
উল্লেখযোগ্য যে এছটিএফৰ ‘অপাৰেচন প্ৰঘাটে আন এক সফলতা লাভ কৰিবলৈ সক্ষম হয় । এছটিএফৰ ধাৰাবাহিক অভিযানত মৌলবাদী গ্ল’বেল টেৰ’ৰিষ্ট অৰ্গেনাইজেশ্যন (জি টি অ’)ৰ বিৰুদ্ধে আন এক অভিযানত গ্ৰেপ্তাৰ কৰে মষ্ট ৱাণ্টেড জেহাদী,ইছলামিক উগ্ৰপন্থী জাহীৰ আলীক ।
গ্ৰেপ্তাৰ হোৱা ধৃত জাহীৰ আলী ধুবুৰী জিলাৰ বিলাসীপাৰাৰ খুদিগাঁৱৰ বাহেৰ আলীৰ পুত্ৰ। তদন্তৰ সময়ত এছ টি এফে ইতিমধ্যে বাংলাদেশী নাগৰিককে ধৰি ১২ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । আনছাৰুল্লাহ বাংলা টিমৰ মুৰব্বী জাচিমুদ্দিন ৰহমানীৰ ঘনিষ্ঠ সহযোগী এম ডি ফাৰহান ইছৰাকৰ নিৰ্দেশনাত তেওঁলোকে দেশবিৰোধী কাৰ্যকলাপত লিপ্ত আছিল ।
উল্লেখযোগ্য যে বাংলাদেশৰ ৰাজসাহিৰ মহম্মদ ছেদ ৰাডি নামৰ এজন বাংলাদেশী নাগৰিকক সমগ্ৰ ভাৰততে দেশবিৰোধী ভাৱ-ধাৰা বিয়পোৱাৰ লগতে জেহাদী কাৰ্যকলাপ চলাই নিবলৈ ভাৰতলৈ প্ৰেৰণ কৰিছিল ।
এছটিএফৰ মুৰব্বী ড০ পাৰ্থ সাৰথি মহন্তৰ নিৰ্দেশত অভিযান চলাই কুখ্যাত জেহাদীজনক গ্ৰেপ্তাৰ কৰি বিশাল অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সামগ্ৰীৰ লগতে বিভিন্ন আপত্তিজনক নথি-পত্ৰ আৰু মোবাইল ফোন জব্দ কৰে ।