Advertisment

ধুবুৰীত আৰক্ষীৰ বৃহৎ সফলতা, গ্ৰেপ্তাৰ জেহাদী...

শুকুৰবাৰে পুৱা ধুবুৰী জিলাৰ বিলাসী পাৰাৰ বান্ধৱগাঁৱৰ পৰা ছাহিনুৰ ইছলাম (৩৮) নামৰ এটা দুধৰ্ষ জেহাদীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,ধুবুৰীঃ  জেহাদীৰ বিৰুদ্ধে উঠি-পৰি লাগিছে অসম আৰক্ষী । বিগত কেইদিনমানৰ ভিতৰতে বহু কেইটা জেহাদীক আটক কৰিবলৈ সক্ষম হৈছে  অসম আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চে ।

Advertisment

শুকুৰবাৰে পুৱা ধুবুৰী জিলাৰ বিলাসী পাৰাৰ বান্ধৱগাঁৱৰ পৰা ছাহিনুৰ ইছলাম (৩৮) নামৰ এটা দুধৰ্ষ জেহাদীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। অসম আৰক্ষীৰ টাস্ক ফ'ৰ্চে জেহাদীৰ বিৰুদ্ধে ৰাজ্যত চলাই থকা অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে আজি বিলাসীপাৰাৰ বান্ধৱগাঁৱৰ উক্ত স্থানত চলোৱা অভিযানত মষ্ট ৱাণ্টেড জেহাদী জনক গ্ৰেপ্তাৰ কৰা হয়।

দুধৰ্ষ জেহাদী জনৰ পৰা আৰক্ষীয়ে উৰ্দু ভাষাত লিখা "নুৰিলিজা" নামৰ ৮২৯ পৃষ্ঠাৰ এখন কিতাপ,  শ্বেইখ নজিবুল্লাহ হাকানীয়ে লিখা "জানা ৱাহিদ" নামৰ ৪৭ পৃষ্ঠাৰ আন এখন কিতাপ, আধাৰ কাৰ্ড, পাছপৰ্ট, পান কাৰ্ড আৰু এটা মোবাইল ফোনৰ লগতে অন্যান্য আপত্তি জনক নথি-পত্ৰও জব্দ কৰে বুলি জানিব পৰা গৈছে।

jehadi