নামেৰী ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰীৰ লগতে মুকলি হাতী চাফাৰী....

নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত মঙলবাৰে  মুকলি কৰা হয় জীপ চাফাৰী আৰু হাতী চাফাৰী। বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে মুকলি কৰে জীপ চাফাৰীৰ। লগতে মন্ত্ৰীগৰাকীয়ে উদ্ধোধন কৰে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত মঙলবাৰে  মুকলি কৰা হয় জীপ চাফাৰী আৰু হাতী চাফাৰী। বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে মুকলি কৰে জীপ চাফাৰীৰ। লগতে মন্ত্ৰীগৰাকীয়ে উদ্ধোধন কৰে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ।

২৫ সংখ্যক নামেৰী ব্যঘ্ৰ প্ৰকল্পৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি পোন প্ৰথমবাৰৰ বাবে এই জীপ চাফাৰী আৰু হাতী চাফাৰী মুকলি কৰি পৰ্যটনৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা হৈছে। মন্ত্রীগৰাকীয়ে প্ৰৱেশ দ্বাৰ উন্মোচন কৰি নামেৰী ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰীৰে প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰে।

মন্ত্রীগৰাকীক সংগ দিয়ে বন্য প্রাণী শাখাৰ প্ৰধান বন সংৰক্ষক বিনয় গুপ্তা, CCF সন্দ্বীপ কুমাৰৰ লগতে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক বি.পেৰাইশুধনে। 

নামেৰী ৰাষ্ট্ৰীয় উদ্যান