JEE মেইনৰ ফলাফলঃ ১৮ জনে লাভ কৰিছে ৰেংক-১, ৪৪ জনে পাইছে ১০০ শতাংশ…

JEE মেইনৰ ফলাফলঃ ১৮ জনে লাভ কৰিছে ৰেংক-১, ৪৪ জনে পাইছে ১০০ শতাংশ…

author-image
asomiyapratidin
New Update
JEE মেইনৰ ফলাফলঃ ১৮ জনে লাভ কৰিছে ৰেংক-১, ৪৪ জনে পাইছে ১০০ শতাংশ…

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এন টি এ)ই জে ই ই মেইনছৰ ২০২১ৰ ফলাফল ঘোষণা কৰিছে। শিক্ষা মন্ত্ৰালয়ৰ ফালৰ পৰা জনোৱা হৈছে যে মুঠ ৪৪ জন প্ৰাৰ্থীয়ে ১০০ শতাংশ লাভ কৰাৰ বিপৰীতে ১৮ জন প্ৰাৰ্থীয়ে ১ নম্বৰ স্থান লাভ কৰিছে।

Advertisment

জে ই ইৰ ফলাফল লিংক এতিয়াও সক্ৰিয় কৰা হোৱা নাই যদিও অতি শীঘ্ৰেই অফিচিয়েল এন টি এ ৱেবছাইটতএই লিংক সক্ৰিয় কৰা হ'ব।। পেপাৰ ১ (বি ইআৰু বিটেক)ৰ বাবে জে ই ই মেইন ছিজন-৪ ৰ পৰীক্ষা ২৬ আগষ্ট আৰু ছেপ্টেম্বৰৰ ২৭ আৰু ৩১ত অনুষ্ঠিত হৈছিল।

এন টি এয়ে ৬ ছেপ্টেম্বৰত এন টি এৰ ৱেবছাইট jeemain.nta.nic.in অস্থায়ী উত্তৰ পৰিচালনা কৰিছিল আৰু প্ৰশ্নকাকত মুকলি কৰিছিল। যোৱা ১৩ দিনধৰি, ৭.৩২ লাখতকৈও অধিক শিক্ষাৰ্থীয়ে জে ই ইৰ মেইন ফলাফলৰ বাবে অপেক্ষা কৰি আছিল। জে ই ইৰ অফিচিয়েল ৱেবছাইট-jeemain.nta.nic.in উপৰিও, জে ই ই মেইন ফলাফল ২০২১ ntaresults.nic.in লিংকটো সক্ৰিয় থাকিব।
জেইই মেইন ছিজন-৪ ৰ ফলাফল চাবলৈ উপৰোক্ত লিংক দুটাৰ কোনো এটাত গৈ শিক্ষাৰ্থীসকলে তেওঁলোকৰ আবেদন নম্বৰ, জন্ম তাৰিখ আৰু পাছৱৰ্ডৰ ব্যৱহাৰ কৰি চাবলৈ পাৰিব।

জে ই ই মেইনছত প্ৰথম ৰেংক লাভ কৰা শিক্ষাৰ্থীসকল হ'ল- গৌৰৱ দাস (কৰ্ণাটক), বৈভৱ বিশাল (বিহাৰ), ডুগ্গেনী ভেংকট পানীশ (অন্ধ্ৰ প্ৰদেশ), সিদ্ধান্ত মুখাৰ্জী, অংশুল বাৰ্মা আৰু মৃদুল আগৰৱালা (ৰাজস্থান), ৰুচিৰ বনচাল আৰু কাব্য চোপ্ৰা (দিল্লী), অময় সিংঘল আৰু পাল আগৰৱালা (উত্তৰ প্ৰদেশ), কোম্মা শৰণ্য আৰু জয়চুলা ভেংকট আদিত্য (তেলেংগানা), পাছলা বীৰা শিৱ, কৰ্ণাম লোকেশ আৰু কাঞ্চনপল্লী ৰাহুল নাইডু, (অন্ধ্ৰ প্ৰদেশ), পুলকিত গোৱেল (পঞ্জাৱ) আৰু গুৰমৃত সিং (চণ্ডিগড়)


— ANI (@ANI) September 14, 2021