/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/jeemain20202-dfcaeUntitled-12.jpg)
ডিজিটেল ডেস্কঃ নেশ্যনেল টেষ্টিং এজেন্সী চমুকৈ এন টি এ-য়ে ২০২০-২১ শিক্ষা বৰ্ষৰ বাবে জে ই ই (মুল) ২০২০ৰ আৱেদন পত্ৰ মুকলি কৰিছে তেওঁলোক ৱেবছাইটত। jeemain.nta.nic.in ত উপলব্দ হ'ব এই আৱেদন পত্ৰ। এক প্ৰেছ বিজ্ঞপ্তিযোগে এই পৰীক্ষাৰ পদ্ধতি কিছু সাল সলনি কৰাৰ বিষয়েও প্ৰকাশ কৰিছে এন টি এ-ৰ কৰ্তৃপক্ষই।
নতুন পৰীক্ষাৰ পদ্ধতি অনুসৰি, বি ই/বি টেক, বি আৰ্কিটেকছাৰ, বি প্লেনিঙৰ বাবে পৃথককৈ প্রশ্ন কাকত থাকিব। ৩ ছেপ্টেম্বৰৰ পৰা এই পৰীক্ষাৰ বাবে আৱেদন পত্ৰ উপলব্ধ কৰা হৈছে ৱেবছাইটত। ৩০ ছেপ্টেম্বৰ, ২০১৯লৈকে সেই আৱেদনপত্ৰসমূহ উপলব্ধ হ'ব।
এই পৰীক্ষা বছৰত দুবাৰকৈ কেৱল অনলাইন যোগে অনুষ্ঠিত হ'ব। ইয়াৰ প্ৰথম জে ই ই (মুল) পৰীক্ষা ৬ জানুৱাৰী, ২০২০ৰ পৰা ১১ জানুৱাৰী, ২০২০লৈকে অনুষ্ঠিত হ'ব। জে ই ই (মুল) ২০২০ৰ কিছু গুৰুত্বপূৰ্ণ তথ্যৰ বাবে তলৰ লিংকত দৰ্শন কৰিব পাৰে-
এই পৰীক্ষাৰ সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ তথ্য –
- আৱেদন পত্ৰ উপলব্ধ হৈছে ৩ ছেপ্টেম্বৰ, ২০১৯ৰ পৰা।
- আৱেদন কৰাৰ অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ, ২০১৯।
- এপ্লিকেশ্যন ফীছ জমা দিয়া অন্তিম সময় ১ অক্টোবৰ, ২০১৯।
- এপ্লিকেশ্যন ফৰ্ম কাৰেকশ্যন উইণ্ড'ৰ সময় ১১ অক্টোবৰৰ পৰা ১৭ অক্টোবৰ।
- জে ই ই মেইনৰ এডমিট কাৰ্ড ডাউনলডৰ তাৰিখ ৬ ডিচেম্বৰ, ২০১৯।
- জে ই ইৰ মেইনৰ প্ৰথম পৰীক্ষা অনুষ্ঠিত হ'ব ৬ জানুৱাৰীৰ পৰা ১১ জানুৱাৰী, ২০২০।
- এভেবিলিটী অৱ এন্সাৰ কী ২০২০ৰ জানুৱাৰীৰ তৃতীয় সপ্তাহৰ পৰা।
- পৰীক্ষাৰ ফলাফল ঘোষণা ৩১ জানুৱাৰী, ২০২০ত হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/dd9fe465-d868-4d54-aa8c-e24e74aa9f91-723x1024.jpg)
জে ই ই মেইন ২০২০ৰ এপ্ৰিলত অনুষ্ঠিত হ'ব লগা পৰীক্ষা সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ তথ্য এনেধৰণর-
- আৱেদন পত্ৰ উপলব্ধ হৈছে ৭ ফেব্ৰুৱাৰী, ২০২০ৰ পৰা।
- আৱেদন কৰাৰ অন্তিম তাৰিখ ৭ মাৰ্চ, ২০২০।
- এপ্লিকেশ্যন ফীছ জমা দিয়া অন্তিম সময় মাৰ্চ, ২০২০ৰ প্রথম সপ্তাহ।
- এপ্লিকেশ্যন ফৰ্ম কাৰেকশ্যন উইণ্ড'ৰ সময় মাৰ্চ, ২০২০ৰ দ্বিতীয় সপ্তাহ।
- জে ই ই মেইনৰ এডমিট কাৰ্ড ডাউনলডৰ তাৰিখ ১৬ মাৰ্চ, ২০২০।
- জে ই ইৰ মেইনৰ দ্বিতীয় পৰীক্ষা অনুষ্ঠিত হ'ব ৩ এপ্ৰিলৰ পৰা ৯ এপ্ৰিল, ২০২০।
- এভেবিলিটী অৱ এন্সাৰ কী ২০২০ৰ এপ্ৰিলৰ তৃতীয় সপ্তাহৰ পৰা।
- পৰীক্ষাৰ ফলাফল ঘোষণা ৩০ এপ্ৰিল, ২০২০ত হ'ব।
কেৱল অনলাইন যোগেহে এই পৰীক্ষাৰ বাবে এপ্লিকেশ্যন ফৰ্ম ফিলআপ কৰিব পাৰিব। অফলাইনৰ কোনো ফৰ্ম গ্ৰহণযোগ্য নহ'ব। ফৰ্ম ফিলআপ কৰিবৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কেইটামান কথা মন কৰিব লাগিব।
১. ইনফৰ্মেশ্যন বাউচাৰ ভালদৰে অধ্যয়ন কৰিব লাগিব।
২. পৰীক্ষাত বহাৰ বাবে কি যোগ্যতা লাগে সেয়া বুজি ল'ব লাগিব।
৩. নিজৰ ফটোগ্ৰাফ আৰু চহী স্কেন কৰি ল'ব।
৪. এপ্লিকেশ্যন ফীছ জমা দিয়া বেংক ডিটেইলছ লাগিব।
৫. পি ডি এফ ফৰ্মত এপ্লিকেশ্যন ফৰ্ম প্ৰিণ্ট কৰিব পাৰিব।
৬. পৰৱৰ্তী সময়ত প্ৰয়োজনত ব্যৱহাৰ কৰিব পৰাকৈ এপ্লিকেশ্যন ফৰ্মৰ আই ডি আৰু পাছৱৰ্ড লিখি ৰাখিব লাগিব।
ইয়াৰোপৰি, তলৰ বিষয়সমূহ এই পৰীক্ষাৰ বাবে আৱেদন পত্ৰ পূৰণ কৰাৰ সময়ত মন কৰিব।
১. ফটোত প্ৰাৰ্থীৰ নাম থাকিব লাগিব। আৰু ফটো তোলাৰ তাৰিখ উল্লেখ থাকিব লাগিব।
২. এই ফটোগ্ৰাফ জে পি জি বা জি পি ই জি ফৰ্মত হ'ব লাগিব।
৩. ফটোগ্ৰাফৰ আকৃতি ৩.৫ চেঃমিঃ প্ৰস্থ আৰু ৪.৫ চেঃমিঃ উচ্চতাৰ হ'ব লাগিব।
৪. এই ফটোগ্ৰাফ আপলোড কৰা ফাইলৰ আকাৰ ১০ কে বিৰ পৰা ১০০ কে বি হ'ব লাগিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/jee-mains-s-Untitled-11.jpg)
চহীসমূহ চাফা আখৰেৰে ক'লা বা নীলা চিয়াহীৰে কৰিব লাগিব। চহীসমূহ আপলোড কৰা ফাইল জে পি জি বা জে পি ই জি ফৰ্মেটত হ'ব লাগিব। আৰু ইয়াৰ আপোলড কৰা ফাইল আৰু আকাৰ ৪ কে বিৰ পৰা ৩০ কে বিৰ ভিতৰত হ'ব লাগিব।
এই পৰীক্ষাৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰোতে ভুলৰ পৰা হাত সাৰিবলৈ তলৰ কথা কেইটা মন কৰিব-
- দশম আৰু দ্বাদশ শ্ৰেণীৰ নথিপত্ৰত যাতে সকলো তথ্য মিলে তাৰ প্ৰতি লক্ষ্য ৰাখিব। কিয়নো আপুনি জমা দিয়া তথ্য সমূহ নামভৰ্তি কৰা সময়ত পৰীক্ষা কৰা হ'ব। তেতিয়া এনে বিসংগতি পালে নামভৰ্তি নাকচ হ'ব পাৰে।
- অনলাইন যোগে ফৰ্ম ফিলআপ কৰাৰ পাছত আপুনি জমা দিয়া ফৰ্মৰ পিডিএফ ফাইল জেনেৰেট হ'ব। যিটো প্ৰিণ্টআউট আপুনি লগত ৰাখিব।সেই পিডিএফ ফাইলটো প্ৰিন্ট কৰি কেতিয়াও জমা দিব নালাগে। অনলাইন এপ্লিকেশ্যনেই ইয়াৰ বাবে যথেষ্ট।
- এই কথা সদায় মনত ৰাখিব যে- জে ই ই মেইন পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে যি যোগ্যতা বান্ধি দিয়া আছে, সেয়া আপোনাৰ আছে নে নাই।
- ইনফৰ্মেশ্যন বাউচাৰ অতি সাৱধানে পঢ়ি লৈহে ৰেজিষ্ট্ৰেশ্যনৰ বাবে আগবাঢ়িব।
জে ই ই মেইন ২০২০ৰ আৱেদন মাচুল-
জে ই ই মেইন পেপাৰ ১ বা পেপাৰ ২ ল'ৰাৰ বাবে ৬৫০ টকা। (সাধাৰণ আৰু অ বি চি, শাৰীৰিকভাৱে অক্ষম, জনজাতি, অনুসূচিত জাতি আৰু ছোৱালীৰ বাবে এই মাচুল ৩২৫ টকা)
জে ই ই মেইন পেপাৰ ১ আৰু ২ দুয়োখনৰ বাবে ল'ৰাই ভৰিব লাগিব ১৩০০ টকা। (সাধাৰণ আৰু অ বি চি, শাৰীৰিকভাৱে অক্ষম, জনজাতি, অনুসূচিত জাতি আৰু ছোৱালীৰ বাবে এই মাচুল ৬৫০ টকা)
এই মাচুল কেৱল ভাৰতত পৰীক্ষা দিয়া পৰীক্ষাৰ্থীৰ বাবেহে। ভাৰতৰ বাহিৰৰ পৰীক্ষাৰ বাবে-
জে ই ই মেইন পেপাৰ ১ বা ২ৰ আৱেদন মাচুল ৩০০০ টকা। ছোৱালীৰ বাবে ১৫০০ টকা। এছ টি, এছ চিৰ বাবেও এই মাচুল হ'ব ১৫০০ টকা।
পেপাৰ ১ আৰু ২ দুয়োখনৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব খোজাসকলৰ বাবে এই মাচুল হ'ব ক্ৰমে ৬০০০ টকা আৰু ৩০০০ টকা।
তলৰ বিজ্ঞাপনত এই সন্দৰ্ভত সবিশেষ আগ্ৰহীসকল পঢ়িব পাৰিব-
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/jec-0a7cdd0f-9140-4bcc-b9a0-beea390e7687-669x1024.jpg)