JEE মেইন-২০১৯ৰ সূচী ঘোষণা, ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব পঞ্জীয়ন

JEE মেইন-২০১৯ৰ সূচী ঘোষণা, ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব পঞ্জীয়ন

author-image
asomiyapratidin
New Update
JEE মেইন-২০১৯ৰ সূচী ঘোষণা, ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব পঞ্জীয়ন

ডিজিটেল ডেস্কঃ জইণ্ট এন্ট্ৰেন্স মেইন (JEE Main)ৰ চূড়ান্ত সূচী ঘোষণা কৰিছে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে। ঘোষিত সূচী অনুযায়ী অহা ১ ছেপ্তেম্বৰৰ পৰা নেশ্যনেল টেষ্টিং এজেন্সী চমুকৈ এনটিএৰ অধীনত পঞ্জীয়ন আৰম্ভ হ'ব। এনটিএৰ ৱেবছাইট nta.ac.inলৈ ভিজিট কৰি আগ্ৰহীসকলে সূচীৰ সবিশেষ জানিব পাৰিব।

Advertisment

২০১৯ চনত অনুষ্ঠিত হ'বলগীয়া এই পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ বাবে আবেদন গ্ৰহণ কৰা হ'ব অহা ৩০ ছেপ্তেম্বৰ পৰ্যন্ত। আগন্তুক বৰ্ষৰ ৬-২০ জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ প্ৰ-পত্ৰসমূহ বিতৰণ কৰা হ'ব চলিত বৰ্ষৰ ১৭ ডিচেম্বৰত। আনহাতে ফলাফল ঘোষণা কৰা হ'ব ৩১ জানুৱাৰীত।

অৱশ্যো JEE Mainৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে আবেদন জনোৱাৰ সময় হৈছে ৮ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চ। দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব আগন্তুক বৰ্ষৰ ৬-২০ এপ্ৰিলত। প্ৰ-পত্ৰসমূহ প্ৰদান কৰা হ'ব ১৮ মাৰ্চত আৰু ফলাফল ঘোষণা কৰা হ'ব ৩০ এপ্ৰিলত।

পৰীক্ষাসমূহ এটা দিনৰ পৰিৱৰ্তে ৮টা দিনত অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলে পৰীক্ষাত অৱৰ্তীৰ্ণ হ'বৰ বাবে নিজৰ সুবিধা অনুযায়ী ইয়াৰে যিকোনো এটা দিন বাছনি কৰিব পাৰিব।

দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অতি কমেও ৭৫ শতাংশ নম্বৰ লাব কৰা ছাত্ৰ-ছাত্ৰীসকলেহে অৱতীৰ্ণ হ'ব পাৰিব এই পৰীক্ষাত। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে নম্বৰৰ এই সীমা হৈছে ৬৫ শতাংশ। উল্লেখ্য যে, এই পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলেহে বিই, বিটেক আৰু বিআৰ্কৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আবেদন জনাব পাৰিব।

সবিশেষ চাবলৈ আগ্ৰহীসকলে ইয়াতো ক্লিক কৰিব পাৰে।