/asomiyapratidin/media/media_files/2025/05/03/68WxsZCJSH0RYGZa0PS0.jpg)
ডিজিটেল সংবাদ,নলবাৰীঃ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ ৷ দিনে-নিশাই শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ মন্ত্রী, সাংসদ, বিধায়ক তথা ৰথী-মহাৰথীয়ে যুদ্ধংদেহী তৎপৰতাৰে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নামি পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযানত ৷
আজি বিয়লি ৩৯ নং নলবাৰী সমষ্টিৰ অন্তৰ্গত পূব নলবাৰীৰ ৰাজকদমতলৰ পাণ্ডাৰ থান প্রসংগণত আয়োজিত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিজেপি মিত্ৰজোঁটৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷
ঘগ্রাপাৰ জিলা পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱা, ৩ খন আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্রাৰ্থীৰ লগতে ৪ খন গাঁও পঞ্চায়তৰ বিজেপি সমৰ্থিত গাঁও সভাৰ সদস্য পদৰ প্রাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনী সভাত অংশগ্রহণ কৰি মন্ত্রী জয়ন্ত মল্লবৰুৱাই সাংসদ গৌৰৱ গগৈ আৰু কংগ্রেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰে।
ভাষণত মন্ত্রীগৰাকীয়ে পাকিস্তান সমৰ্থনকাৰী কংগ্রেছক সমাগত পঞ্চায়ত নিৰ্বাচনত বিদায় দিবলৈ ভোটাৰ ৰাইজক আহবান জনায়। মন্ত্রীগৰাকীয়ে নিজৰ ভাষণত কয় যে পেহেলগামৰ নাৰকীয় ঘটনা সন্দৰ্ভত যিসকল মানুহে পেহেলগামৰ ঘটনাৰ পিছতো দেশৰ প্ৰতি অহা ভাবুকি বুজি পোৱা নাই, যিসকল মানুহৰ জাতীয়তাবাদী, ৰাষ্ট্ৰীয়তাবাদী চিন্তা জাগ্ৰত হোৱা নাই তেওঁলোক প্রকৃততে দেশদ্ৰোহী। তেওঁলোক বিধায়কে হওক- সাংসদে হওক নতুবা সাধাৰণ ৰাইজ হওক তেওঁলোকৰ সুমতি বিচাৰিছো বুলি মন্ত্রীগৰাকীয়ে মন্তব্য কৰে।
মন্ত্রী জয়ন্ত মল্লবৰুৱাই নিজৰ ভাষণত কয় যে, ৬০বছৰে কংগ্ৰেছে এলাগি কৰি ৰখা ভাৰতবৰ্ষক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বৰ চৰকাৰে ২০১৪ চনৰ পৰা নিষ্ঠাৰে কাম কৰাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ জনসাধাৰণ সন্মান সহকাৰে জীয়াই থকাৰ লগতে বিশ্বৰ বুকুত সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছে।
মন্ত্রীগৰাকীয়ে ভাষণ প্রসংগত কয় যে কংগ্ৰেছ দলে ৬০ বছৰে কেৱল অন্ন-বস্ত্ৰ বাসস্থানৰ শ্ল'গানতে আৱদ্ধ আছিল। ইন্দিৰা আবাস যোজনা আঁচনিকে ধৰি বিভিন্ন দিশত ব্যাপক দুৰ্নীতিত লিপ্ত হৈ আধাৰুৱাকৈ পেলাই থোৱা ঘৰসমূহ আমাৰ চৰকাৰ হৈ থকা কালত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত সুন্দৰকৈ নিৰ্মাণ কৰা হ'ল।
তেওঁ লগতে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি মিত্ৰজোঁট চৰকাৰে স্বচ্ছতাৰ আঁচনিৰ অধীনত ১৪ কোটি লেটিন নিৰ্মাণ কৰা, দুখীয়া-দৰিদ্ৰক খৰি জ্বলাই জুই ফুৱাই থকাৰ পৰা উদ্ধাৰ কৰি উজলা আঁচনিৰ অধীনত গেছ চিলিণ্ডাৰ যোগান ধৰা, কংগ্ৰেছে গুৰুত্ব নিদিয়া চাহ বাগিচা তথা গ্ৰাম্যাঞ্চলত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ অধীনত ৮০০ খন চাহ বাগিচাকে ধৰি গ্ৰাম্যাঞ্চলত পকীপথ নিৰ্মাণ কৰা তথা বৰ্তমান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰৰ বিভিন্ন আঁচনিত সমগ্ৰ অসমৰ লগতে নলবাৰী মেডিকেল কলেজ, ইঞ্জিনীয়াৰিং কলেজ আদি নলবাৰী সমষ্টিৰ ৰাইজে লাভ কৰিছে।
ভাষণ প্ৰসংগত মন্ত্রীগৰাকীয়ে কয়, বিৰোধী দিশহাৰা হৈছে, বিৰোধী ৰাইজৰ মাজত নাই। বিৰোধী কেৱল সামাজিক মাধ্যমতে আছে। সেয়েহে বিৰোধীক লৈ বিজেপি দল ব্যস্ত থকা নাই। ঘগ্রাপাৰ মণ্ডল বিজেপিৰ সভাপতি মনোজ ডেকাই সঞ্চালনা কৰা সভাখনৰ আঁত ধৰে সাধাৰণ সম্পাদক অঞ্জন শৰ্মাই।
উক্ত সভাখনত নলবাৰী জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰবৰুৱা, নলবাৰী পৌৰসভাৰ সভাপতি জয়শ্রী তালুকদাৰ, অগপৰ নলবাৰী জিলা সভাপতি আনন্দ ৰাজবংশী, বিজেপিৰ নলবাৰী টাউন মণ্ডলৰ সভাপতি অঞ্জন ডেকাকে ধৰি মিত্ৰজোঁটৰ তিনি সহস্রাধিক দলীয় কৰ্মীয়ে অংশগ্রহণ কৰে।
ইয়াৰ পূৰ্বে মন্ত্রীগৰাকীয়ে ধমধমাৰ মহিনাত মিত্ৰজোঁটৰ প্রাৰ্থীৰ হৈ এখন বিশাল নিৰ্বাচনী সভা উপস্থিত হৈ নিৰ্বাচনী প্রচাৰ চলায়। নলবাৰী সমষ্টিৰ ১ নং উত্তৰ নলবাৰী জিলা পৰিষদৰ মিত্ৰজোঁটৰ প্রাৰ্থী মিনি ডেকাসহ মিত্ৰজোঁটৰ প্রাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্রচাৰ চলাই মন্ত্রীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰাৰ লগতে বিজেপি চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে। উন্নয়নৰ স্বাৰ্থত ৰাইজক আটাইকেইগৰাকী বিজেপি-এজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থীক জয়ী কৰি আনিবলৈ মন্ত্রীগৰাকীয়ে ভোটাৰ ৰাইজক আহ্বান জনায়।
আনহাতে, সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে সাংসদ গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল নে নাই, গৌৰৱ গগৈয়ে কেৱল মাত্ৰ এটা উত্তৰ দিব লাগে বুলি মন্তব্য কৰে। ভাৰতৰ চিৰ বৈৰী দেশ পাকিস্তানলৈ তেওঁ গোপনে গৈছিল নে নাই? ইয়াৰ লগতে পাকিস্তানৰ সমৰ্থনকাৰীক অকল নলবাৰীতে নহয় সমগ্ৰ অসমতে ৰাইজে জৱাবদিহি বা প্ৰশ্ন কৰিব লাগে বুলিও তেওঁ উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে লগতে নলবাৰীৰ মানুহে ৰাষ্ট্ৰ আৰু সমাজক ভাল পায় বুলি কৈ দেশক ভাল পোৱা মানুহে কাশ্মীৰৰ পেহেলগাম কাণ্ডত জড়িত থকা দেশ পাকিস্তানলৈ এজন সন্মানীয় জনপ্ৰতিনিধি যোৱাটো কেতিয়াও সহ্য নকৰে বুলি কয়। তেওঁ কয় যে সেয়ে নলবৰীয়া ৰাইজৰ ক্ষোভৰ সন্মুখীন হৈছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ। লগতে কংগ্ৰেছৰ সাংসদগৰাকীৰ সন্তান ভাৰতীয় নাগৰিক হয়নে নহয়- এই লৈও প্ৰশ্ন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।