মনত বৰ আঘাত পাইছোঁঃ ক্ষমা প্ৰাৰ্থনা 'অহংকাৰী' মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ...

অহংকাৰে মূৰত ধৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অৱশেষত ক্ষমা বিচাৰিলে। নক'বলগীয়া কিছু কথা মুখেৰে ওলাই যোৱা বুলি সামাজিক মাধ্যমত স্পষ্টীকৰণ দিলে মন্ত্ৰীগৰাকীয়ে। সৰুৰে পৰা

author-image
Asomiya Pratidin
New Update
web ap malla

ডিজিটেল ডেস্কঃ অহংকাৰে মূৰত ধৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অৱশেষত ক্ষমা বিচাৰিলে। নক'বলগীয়া কিছু কথা মুখেৰে ওলাই যোৱা বুলি সামাজিক মাধ্যমত স্পষ্টীকৰণ দিলে মন্ত্ৰীগৰাকীয়ে। সৰুৰে পৰা সাংবাদিকৰ প্ৰতি অন্তৰত থকা গভীৰ শ্ৰদ্ধাৰ কথাও উল্লেখ কৰিলে মন্ত্ৰী জয়ন্ত মল্লই।

Advertisment

ক্ষমা প্ৰাৰ্থনা কৰি মন্ত্ৰী জয়ন্ত মল্লই কয় যে, ইচ্ছাকৃতভাৱে মই কোনো সাংবাদিকক অপমান কৰা নাই। তপাপিতো যদি মোৰ কথাত কাৰোবাৰ মনত আঘাত দিছে তাৰ বাবে মই সচাঁকৈয়ে দুঃখিত।' মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই নক'বলগীয়া বাক্য এটা নিৰ্দিষ্ট সংবাদমাধ্যমৰ সাংবাদিকক কোৱা বুলি উল্লেখ কৰিছে সামাজিক মাধ্যমত।

জয়ন্ত মল্লই উল্লেখ কৰে যে,  নিৰ্দিষ্ট সেই সংবাদমাধ্যমৰ সাংবাদিকগৰাকীক কৈছিলো যদিও সমগ্ৰ সাংবাদিক সমাজে দুখ পোৱা বুলি জানি মই নিজেও মনত বৰ আঘাত পাইছোঁ। সেয়েহে সকলোকে ভুল নুবুজিবলৈ মই বিনম্ৰতাৰে  অনুৰোধ জনাইছো। 

উল্লেখ কৰা প্ৰয়োজন যে, গীৰগাইক লৈ সংঘটিত হোৱা বিয়াগোম কেলেংকাৰীক লৈ সাদিন-প্ৰতিদিনগোষ্ঠীৰ এগৰাকী সাংবাদিকে কৰা প্ৰশ্নত থৰকাচ্যুতি হেৰুৱাইছিল মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে এই ইচ্ছ্যুৰ পৰা ফালৰি কাটিবলৈ আবোল-তাবোল বকি সাংবাদিকক তলৰ মানুহ বুলি কটাক্ষ কৰিছিল তেওঁ। 

এই বিষয়টোক লৈ মুখ্যমন্ত্ৰীয়েও সাংবাদিকৰ ওচৰত ক্ষমা প্ৰাৰ্থন কৰিছিল। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে জয়ন্ত মল্ল বৰুৱাইও ক্ষমা খুজিব লাগে বুলি আহ্বান জনাইছিল। 

জয়ন্তমল্ল বৰুৱা