Advertisment

খাৰঘুলি জলবিস্ফোৰণঃ বিজ্ঞানসন্মত পদ্ধতিৰে হ'ব ঘটনাৰ অনুসন্ধান

খাৰঘুলি পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে, এতিয়া আমি গোটেইখিনি বস্তু বুজি লৈছো।

author-image
Asomiya Pratidin
New Update
েি

ডিজিটেল সংবাদ,গুৱাহাটীঃ  খাৰঘুলিত সংঘটিত হোৱা পানী যোগান আঁচনিৰ পাইপ বিস্ফোৰণৰ ঘটনাৰ বুজ ল'বলৈ আজি ঘটনাস্থলীত উপস্থিত হয় নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়া আমি গোটেইখিনি বস্তু বুজি লৈছো। ইয়াৰ পৰা আমি পাম্পিং কৰি ৰামছা হিললৈ পানীটো যিটো লাইনেৰে পঠাওঁ সেই লাইটোত বিদ্যুৎ কৰ্তন হোৱাৰ কাৰণে পানীটো বেগ মাৰে আৰু পানীৰ অত্যাধিক চাপৰ বাবে পাইপটো ফাটি যায়।

Advertisment

লগতে কয় যে,যিটো পাইপ ফাটিছে এই পাইপটো ২০১৫-১৬ চনত গেমনে ইনষ্টল কৰি গৈছিল। গেমনে ইনষ্টল কৰাৰ সময়ত আমাৰ পিএমচি, পিএমঅ’ কোন আছিল, কাৰ দায়িত্ব আছিল, সেই লাইনটোত কিবা গণ্ডগোল আছিল নেকি, এই গোটেইখিনি বস্তু সম্প্ৰতি চাবলৈ দিয়া হৈছে। আগতে সেই সময়ৰ ৰিপ’ৰ্টখিনি আমি উলিয়াই লওঁ। সেই সময়ত হাড্ৰটেষ্টিং কোনে কৰিছিল, গোটেই ব্যৱস্থাটো আমি চাম। এইখিনি হ’ল বিভাগীয়ভাৱে মই দিয়া নিৰ্দেশনা।

মন্ত্ৰীগৰাকীয়ে এই ঘটনাটোৰ লগত যিসকল ক্ষতিগ্ৰস্ত হ’ল, সেই ক্ষতিগ্ৰস্ত লোকসকলক শীঘ্ৰে লালচিং একাডেমীত ৰিলিফ কেম্প বনাই ৰখাৰ ব্যৱস্থা কৰা হ’ব বুলি কয়। ক্ষতিগ্ৰস্ত ৬ টা পৰিয়ালৰ মানুহক তাত থকা-খোৱাৰ ব্যৱস্থাটো বিভাগীয় ফালৰ পৰা কৰা হ’ব আৰু ক্ষতিগ্ৰস্তসকলক আজিৰ দিনটোতে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে অনতিপলমে ক্ষতিগ্ৰস্তসকলক‌ উচিত ক্ষ‌তিপূৰণ প্ৰদান কৰিবলৈ জিলা‌ প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে বিজ্ঞানসন্মত পদ্ধতিৰে এই ঘটনাৰ অনুসন্ধান কৰি প্ৰতিকাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতে এনে পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাজু হ’ব বুলি মন্তব্য কৰে।

খাৰঘুলি