Advertisment

গৌৰৱ গগৈ কাগজৰ বাঘঃ জয়ন্ত মল্লবৰুৱা

আজি সংবাদ মাধ্যমক সম্বোধন কৰি জয়ন্ত মল্লবৰুৱাই কয় যে, কোনোবা মানুহ যদি অসমলৈ আহে, তেওঁ অসমৰ সভ্যতা-সংস্কৃতিৰ লগত একাত্ম হ’ব লাগিব বা ভাৰতলৈ আহিলে ভাৰতবৰ্ষৰ সভ্যতা-সংস্কৃতিৰ লগত একাত্ম হ’ব লাগিব।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ  "আমাক কোনো সংখ্যালঘুৱে বেয়া নাপায়। যিসকল মানুহে অসম বা ভাৰতলৈ আহি আজিও অসম বা ভাৰতবৰ্ষক আদৰি ল’ব পৰা নাই, সেইসকলৰ লগতহে আমাৰ শত্ৰুতা থাকে। তাৰ বাহিৰে ধৰ্মক লৈ আমাৰ কোনো কথা নাই"- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। আজি সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কোনোবা মানুহ যদি অসমলৈ আহে, তেওঁ অসমৰ সভ্যতা-সংস্কৃতিৰ লগত একাত্ম হ’ব লাগিব বা ভাৰতলৈ আহিলে ভাৰতবৰ্ষৰ সভ্যতা-সংস্কৃতিৰ লগত একাত্ম হ’ব লাগিব। অসমলৈ আহি অসমীয়া ভাষা-সাহিত্য, অসমীয়া সংস্কৃতিক সন্মান নকৰা মানুহৰ আমি বিৰোধ কৰিমেই। ভাৰতলৈ আহি যদি পাকিস্তানে খেল জিকিলে স্ফূৰ্তি কৰে, সেই মানুহৰ লগতো আমি থাকিব নোৱাৰো। গতিকে আমাৰ সংঘাতটো ভাৰতীয় সংস্কৃতিৰ বিৰুদ্ধে যিসকল লোক আছে, সেইসকলৰ লগতহে।

Advertisment

মন্ত্ৰীগৰাকীয়ে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰি কয়, ৰকিবুল হুছেইনে ইমানদিনে এইবিলাক মানুহৰ দ্বাৰা কামসমূহ চলাই আছিল। আচলতে ৰকিবুল হুছেইনে যে দম, দাদাগিৰি কৰিয়ে জিকি আহিছিল, এইবাৰ সেয়া প্ৰমাণ হ’ব।  উল্লেখ্য যে অহা ২৩ নৱেম্বৰ উপ-নিৰ্বাচনৰ ফলাফল ওলাব। এই উপ-নিৰ্বাচনত পাঁচটা সমষ্টিতে জয়ী হোৱাটো ১০০ শতাংশ নিশ্চিত বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

তেওঁ লগতে কয় যে, ইতিমধ্যে নিৰ্বাচনৰ পাছত আমি পৰ্যালোচনা কৰিছো কাৰণ নিৰ্বাচনৰ আগত পলিঙৰ কাৰণে হিচাপ পৰিৱৰ্তন হোৱা দেখা যায়। কিন্তু পলিঙৰ পিছত কোনটো বুথত কিমান পল হৈছে, কেনেকৈ পল হৈছে বা কোনটো জনগোষ্ঠীৰ কিমান পল হৈছে এই সকলোবোৰ চোৱাৰ পিছত আমি ১০০ শতাংশই নিশ্চিত যে আমি পাঁচটা সমষ্টিৰ পাঁচটাতে জিকিম। 

চামগুৰি সমষ্টি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, আজিৰ তাৰিখত এটা কথা স্পষ্ট যে চামগুৰিত আমি খুব সুন্দৰভাৱে জিকিম, যিটো হয়তো বহুত মানুহে ভাবিব পৰা নাই। মন্ত্ৰীগৰাকীয়ে বাকী চাৰিটা সমষ্টি তেওঁলোকৰ আগৰে চীট বুলি উল্লেখ কৰি এইকেইটাত বেলেগে কেনেকৈ জিকিব বুলি প্ৰশ্ন কৰে। এয়া সম্ভৱেই নহয় বুলি তেওঁ দৃঢ়তাৰে কয়। 

আনহাতে, ধলাই সমষ্টিতো একেবাৰে ন্যূনতম ১৫ৰ পৰা ২০ হাজাৰ ভোটৰ ব্যৱধানত বিজেপি জয়ী হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। আৰু ৰাইজে ভালদৰে যদি মৰম দিছে তেন্তে, তাত এই সংখ্যা ৩০ হাজাৰলৈকেও যাব পাৰে বুলি তেওঁ কয়।

সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণৰূপে চলাই থকা বুলি কয়। আনহাতে, বিৰোধীক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধী ঐক্যমঞ্চ বুলি একো নাই। কংগ্ৰেছ এনেকুৱা এটা দল, যিয়ে আমাৰ বৰ অসমখনকে সাত ভনী বনালে। কেইটামান দল লগ হৈ যি অসম বনাইছিল, সেইটো যে ভাগি যাব সেয়া আমি গঠন হোৱাৰ দিনাখনেই জানিছিলো। কংগ্ৰেছে অসমখনক কেতিয়াও জোৰা দিব নোৱাৰে, অসমখনক ভাঙিবহে পাৰিব বুলি মন্তব্য কৰি এনেকুৱা দলক ৰাইজে আদৰি নলয় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। 

আনহাতে, গৌৰৱ গগৈক কটাক্ষ কৰি গৌৰৱ গগৈক কাগজৰ বাঘ আখ্যা দিয়ে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। তেওঁ কয় যে, গৌৰৱ গগৈ কাগজৰ বাঘ। এই কথা ৰাজনীতিত অহাৰ সময়তে প্ৰমাণ হৈছে। সংবাদ মাধ্যমত প্ৰজেক্ট কৰিবলগীয়া নেতা নহয় গৌৰৱ গগৈ। তেওঁ পুনৰ কয় যে গৌৰৱ গগৈয়ে যিদিনাখন ৰাজনীতিলৈ আহিছে, সেইদিনাখনৰ পৰাই এয়া প্ৰমাণ হৈছে। অসমৰ এচাম মানুহ আছে, যিচামে আমাক বেয়া পায়, সেই চাম মানুহে গৌৰৱ গগৈক প্ৰজেক্ট কৰে, কথা সিমানেই। গৌৰৱ গগৈ ৰাজনৈতিক কৰিস্মা থকা নেতা নহয় বুলি কয় মন্ত্ৰীগৰাকীয়ে। 

ইপিনে, ঝাৰখণ্ডৰ নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে মন্ত্ৰীগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত তেওঁ কয় যে, ঝাৰখণ্ডত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যেনেদৰে কষ্ট কৰিছে তাতো আমাৰ দলে ভাল ফলাফল লাভ কৰিব বুলি আশাবাদী।

জয়ন্ত মল্লবৰুৱা