/asomiyapratidin/media/media_files/2025/02/10/HmH2l5TpgtssMwace8Wl.jpg)
মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
ডিজিটেল ডেস্কঃ আজি বিয়লি কাছাৰ জিলাৰ অভিভাৱক মন্ত্রী হিচাপে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই লক্ষীপুৰ খেলপথাৰত জিলা পর্যায়ত অনুষ্ঠিত খেল মহাৰণ ২.০-ৰ খেল উপভোগ কৰাৰ লগতে বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে এই বছৰৰ পৰা আছাম এথলেটিক এছ’চিয়েচনৰ একাডেমী আৰম্ভ হ’ব।
এই একাডেমীৰ লক্ষ্য থাকিব যে খেল মহাৰণক লৈ গৈ কিদৰে আমি এথলেটিক খেলুৱৈ উলিয়াই আনিব পাৰি। আজি নেচনেল গেমছৰ সমানে সমানে জিলাৰ খেলুৱৈয়ে ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে। জিলাত এনে অসংখ্য ৰেকৰ্ড আছে। দৌৰত ৰেকৰ্ড কৰিছে, থ্ৰয়িঙত ৰেকৰ্ড কৰিছে। এই ৰেকৰ্ডবোৰলৈ চাই ল’ৰা-ছোৱালীসকলক আমি কিদৰে উপযুক্ত প্ৰশিক্ষণ দি আগবঢ়াই নিব পাৰো, তাৰ বাবে কাম কৰিব লাগিব, সেই ধৰণৰ পৰিৱেশ আনিব লাগিব।
তেতিয়াহে আমি আৰু হিমা, লাভলীনা, অম্লানৰ দৰে খেলুৱৈ লাভ কৰিব পাৰিম। তেওঁ আৰু কয় যে এই লক্ষ্য আগত ৰাখিয়েই আমাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খেল মহাৰণৰ পৰিৱেশ আৰম্ভ কৰিছিল। এই খেল মহাৰণত আমি দেখিবলৈ পালো যে প্ৰায় ৫৪ লাখ ল’ৰা-ছোৱালী ইয়াৰ লগত সংযুক্ত হৈছে আৰু এক সুন্দৰ বাৰ্তা লৈ আহিছে। আমি আশা ৰাখিছো যে কাছাৰ জিলাৰ খেল মহাৰণ খুব সুন্দৰভাৱে অনুষ্ঠিত হৈছে আৰু এই জিলাখনৰ পৰা এটা ভাল টীম নিৰ্বাচিত হ’ব আৰু ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ লাভ কৰিব বুলি মই আশা কৰিছো।
উল্লেখ্য যে ৰাজ্যৰ চুকে-কোণে লুকাই থকা ক্রীড়া প্রতিভাসমূহ উলিয়াই আনিবৰ বাবে এক মঞ্চ প্রদানৰ অর্থে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাৰ্গদৰ্শনত অসম চৰকাৰৰ এই প্রচেষ্টাই অদূৰ ভৱিষ্যতে আমাৰ ৰাজ্যখনক অনেক ক্রীড়া প্রতিভাৰ কেন্দ্র ৰূপে গঢ়ি তুলিবলৈ সক্ষম হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায়, বিধায়ক দিপায়ন চক্ৰৱৰ্তীৰ লগতে কাছাৰ জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষক উপস্থিত থাকে।