এজন সাংসদে বিদেশ মন্ত্ৰালয়ৰ অনুমোদন নোলোৱাকৈ গোপনে এখন শত্ৰু ৰাষ্ট্ৰলৈ যোৱাটো অপৰাধঃ জয়ন্ত মল্লবৰুৱা

তেওঁৰ ধৰ্মপত্নীয়ে ভাৰতবৰ্ষৰ এটা এনজিঅ’ত ত চাকৰি কৰে আৰু পাকিস্তানৰ পৰা দৰমহা লয়। অৰ্থাৎ পাকিস্তানৰ এনজিঅ’ৰ পৰা তেওঁ দৰমহা লয়, গতিকে তেওঁ পাকিস্তানৰ হৈ কাম কৰিব...

author-image
Asomiya Pratidin
New Update
dfdfff

ডিজিটেল সংবাদ, হাইলাকান্দিঃ    "অসমৰ এজন সাংসদে বিদেশ মন্ত্ৰালয়ৰ অনুমোদন নোলোৱাকৈ গোপনে এখন শত্ৰু ৰাষ্ট্ৰলৈ যোৱাটো নিশ্চিতভাৱে অপৰাধ। সাংসদগৰাকীয়ে ১৫ দিনকৈ পাকিস্তানত থাকি আহিছে। ক’ত ক’ত থাকি আহিছে সেই পৰ্যন্ত তথ্য ওলাইছে"- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ।

Advertisment

আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে হাইলাকান্দিত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত সাংসদ গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈ সাংসদগৰাকীক তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, সাংসদ গৰাকীয়ে অন্তত ৰাইজৰ সন্মুখত স্বীকাৰ কৰক যে হয় মই গৈছিলো, নতুবা যোৱা নাই। কিন্তু এই বিষয়ে তেওঁ এবাৰো কোৱা নাই। মৌনতা সন্মতি লক্ষ্মণ, তাৰ মানে তেওঁ গৈছে।

আৰু কয় যে, তেওঁৰ ধৰ্মপত্নীয়ে ভাৰতবৰ্ষত চাকৰি কৰে এটা এনজিঅ’ত আৰু পাকিস্তানৰ পৰা দৰমহা লয়। অৰ্থাৎ পাকিস্তানৰ এনজিঅ’ৰ পৰা তেওঁ দৰমহা লয়, গতিকে তেওঁ পাকিস্তানৰ হৈ কাম কৰিব। এই কথাবিলাক এতিয়া আইনী ব্যৱস্থাৰ মাজেৰে আহিব।

তেওঁ পুনৰ কয় যে, অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাতি-নাতিনীয়েক যদি ভাৰতীয় নহয়, ভাৰতীয় নাগৰিকত্ব নলয়, তাতকৈ আৰু দুখৰ কথা কি থাকিব? এগৰাকী সাংসদ হৈ যি নিজৰ ল’ৰা-ছোৱালীক ভাৰতীয় নাগৰিকত্ব নিদিয়ে, তেন্তে ভাৰতৰ প্ৰতি তেওঁৰ প্ৰেম ক’ত আছে? মৰম ক’ত আছে? তাৰমানে তেওঁ ভাৰতত থাকিও পাকিস্তানৰ এজেণ্ট বা ভাৰতবিৰোধী কাৰ্যত আছে, সেইটো মোটামুটি ধৰা পৰিছে। এই কথাবিলাক ৰাইজে বিচাৰ কৰিব। যদি নহয় ইয়াৰ প্ৰত্যুত্তৰো তেওঁ দিয়ক।

অখিল গগৈয়ে কোনো ভাৰতীয় মানুহ পাকিস্তানলৈ যোৱাটো কোনো অপৰাধ নহয় বুলি কৰা মন্তব্য সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, পাকিস্তানলৈ যোৱাটো অপৰাধ নহয়, কিন্তু পাকিস্তানলৈ গৈছে কিয় সেইটো ৰাইজক নজনোৱাকৈ যোৱাটো অপৰাধ। তাতকৈ এটা ডাঙৰ কথা হ’ল যে ভাৰতৰ সাংসদৰ দৰে এটা পদত থাকি বিদেশ মন্ত্ৰ্যালয়ক নোজনোৱাকৈ তেওঁ যোৱাটো অপৰাধ। গোপনে এখন শত্ৰু ৰাষ্ট্ৰত যোৱাটো নিশ্চিতভাৱে অপৰাধ। অসমৰ মানুহে কোনোদিন ভবা নাছিল যে অসমত এজন এনেকুৱা ভাৰতবিৰোধী সাংসদ ওলাব। অসমৰ মানুহৰ বাবে এয়া দুৰ্ভাগ্যজনক কথা। 

আনহাতে, পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী দিয়াক লৈ সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক কটাক্ষ কৰি কয়, সঁচা কথা ক’বলৈ গ’লে কংগ্ৰেছৰ প্ৰাৰ্থী দিবলৈও মানুহ নাছিল। প্ৰাৰ্থী দিবলৈ যিহেতু মানুহ নাছিল, য’ত মহিলা প্ৰাৰ্থী তাত কাৰোবাৰ ঘৈণীয়েকক দিছে, তেওঁলোকৰ দলৰ কোনো মানুহ নাই, এতিয়া ঘৈণীয়েকেও ওলাই নাহে। কেনেকৈ ওলাই আহিব ঘৈণীয়েক হয়তো অৰুণোদয়ৰ শুভাকাংক্ষী, ঘৈণীয়েকগৰাকীয়ে হয়তো বিচাৰে যে ত্ৰিপুল তালাক হ’ব নালাগে, ঘৈণীয়েকগৰাকী হয়তো আমাৰ দলৰে সমৰ্থক, সেয়ে তেওঁ ওলাই আহিব নোখোজে, গতিকে গিৰিয়েকজনকে লৈ আহি গামোচা পিন্ধাইছে। আজি প্ৰত্যেকগৰাকী মহিলাই বুজি পায় ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেনেদৰে উন্নয়ন হৈছে। 

আনহাতে, বিজেয়ে কেতিয়াও ধৰ্মীয় গোড়ামীক স্থান নিদিয়ে বুলি চামগুৰিৰ প্ৰসংগ উল্লেখ কৰে। তেওঁ কয়, ধৰ্মীয় গোড়ামী হ’লে আমি চামগুৰি কেতিয়াও নিজিকিলোহেঁতেন। আমি চামগুৰি জিকিছো। এইবাৰ আমি ইমানেই সংখ্যালঘু অঞ্চল জিকিম যে সকলো আচৰিত হ’ব। ইয়াত ধৰ্মীয় গোড়ামীৰ কথা নাই। কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয় যে কিছুমান মানুহক তেওঁলোকে বিভিন্ন ধৰণে বিপথে পৰিচালনা কৰে। সেই বিপথে পৰিচালনা কৰা মানুহবিলাকক লৈ ঠিকে যায়, যেতিয়া বুজি পায় তেওঁলোক আঁতৰি দিয়ে। সেই কাৰণে আজি এতিয়া তেওঁলোকৰ প্ৰাৰ্থী নোহোৱা হৈছে। প্ৰাৰ্থীৰ গিৰিয়েক আহিছে, কোনোবা ভায়েক আহিছে, তেওঁলোকে গামোচা লৈছে। প্ৰাৰ্থীগৰাকীও নিৰ্বাচনৰ সভালৈ নহা হৈছে। প্ৰাৰ্থীৰ হৈ গিৰিয়েকে গামোচা লয়, প্ৰাৰ্থীৰ হৈ ভায়েকে গামোচা লয় এইটো পৰিৱেশ হৈছে। কংগ্ৰেছৰ এতিয়া এনেকুৱা অৱস্থা হৈছে।

জয়ন্ত মল্লবৰুৱা