Advertisment

গণৰাজ্য দিৱসৰ কাৰ্যসূচীত নলবাৰীত পতাকা উন্মোচন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

নলবাৰীত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্লবৰুৱা। সংবিধান প্ৰণেতা ড° ভীমৰাও আম্বেদকাৰক স্মৰণ কৰি উপস্থিত ৰাইজক সম্বোধন কৰে মন্ত্ৰী বৰুৱাই।

author-image
Asomiya Pratidin
New Update
gfdf

ডিজিটেল সংবাদ,গুৱাহাটী: সমগ্ৰ দেশৰ লগতে অসমতো দেওবাৰে চাৰিওদিশে বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৬সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। আজি কেন্দ্ৰীয়ভাৱে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। সমান্তৰালভাৱে ডিব্ৰুগড়ত পতাকা উন্মোচন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

ৰাজ্যৰ কেইবাখনো জিলাত কেইবাগৰাকী মন্ত্ৰীয়ে আজি গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কাৰ্যসূচীত পতাকা উন্মোচন কৰে। নলবাৰীত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্লবৰুৱা। সংবিধান প্ৰণেতা ড° ভীমৰাও আম্বেদকাৰক স্মৰণ কৰি উপস্থিত ৰাইজক সম্বোধন কৰে মন্ত্ৰী বৰুৱাই। ভাষণ প্ৰসংগত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জিলাখনৰ সামগ্ৰিক উন্নয়নৰ আভাষ প্ৰদান কৰে।

uky

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নলবাৰীবাসীৰ সপোনে আজি বাস্তৱ ৰূপ পাবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীগৰাকীৰ বিশেষ প্ৰচেষ্টাত নলবাৰীয়ে এখন চিকিৎসা মহাবিদ্যালয় লাভ কৰে। নতুনকৈ ৰাজ্যত স্থাপন হোৱা চিকিৎসা মহাবিদ্যালয়সমূহৰ ভিতৰত নলবাৰীত ৰোগীৰ সংখ্যা সৰ্বাধিক।

আনহাতে, চিকিৎসা বাবে অহা অধিকাংশ ৰোগীৰ চিকিৎসা আয়ুষ্মান ভাৰত বা আয়ুষ্মান অসমৰ দ্বাৰা সম্ভৱ হৈ উঠাত দৰিদ্ৰ লোকসকলে সকাহ পোৱা বুলি ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। জিলাখনত টাটা গ্ৰুপৰ সহযোগত নিৰ্মীয়মান কেঞ্চাৰ কেয়াৰ হাস্পতালখনৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। জিলাখনত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ জৰিয়তে ২১,৭৪৫টা পৰিয়ালক প্ৰতিমাহে ৩৫ কিলোগ্ৰামকৈ চাউল প্ৰদান কৰি দৰিদ্ৰ সীমাৰেখাৰ পৰা উন্নীতকৰণৰ কথা তেওঁ উল্লেখ কৰে।

ৰাজ্যত নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীৰ সুদূৰপ্ৰসাৰী পদক্ষেপক সুঁৱৰি মন্ত্ৰী বৰুৱাই কয় যে বৰ্তমানলৈ ১ লাখ ৩৫ হাজাৰতকৈ অধিক যুৱক-যুৱতীক সম্পূৰ্ণ স্বচ্ছ, নিকা পদ্ধতিৰে চৰকাৰী চাকৰি প্ৰদান কৰা হৈছে। জিলাখনত জল জীৱন আঁচনিৰ অধীনত ৬৫৪টা পানী যোগান আঁচনিৰ জৰিয়তে ১,৮৮,০১৪টা পৰিয়ালৰ গৃহত বিশুদ্ধ পানীযোগান নল স্থাপন কৰাৰ কথাও মন্ত্ৰী বৰুৱাই উল্লেখ কৰে।

ffdg

ৰাজ্যত ক্ৰীড়া আৰু সাংস্কৃতিক দিশটোক অধিক গুৰুত্ব প্ৰদান কৰি অসম চৰকাৰে অনুষ্ঠিত কৰা খেল মহাৰণ আৰু সাংস্কৃতিক মহাৰণৰ জৰিয়তে নলবাৰী জিলাখনৰ পৰা নতুন প্ৰতিভাৰ জন্ম হোৱা বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। লগতে শিক্ষা, যাতায়াত আৰু আত্মনিৰ্ভৰশীল ক্ষেত্ৰত চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ মন্ত্ৰীগৰাকীয়ে শলাগ লয়।

জিলাখনত সকলো জনসাধাৰণ মাজত চৰকাৰখনৰ দ্বাৰা ৰূপায়িত আঁচনিসমূহ সফল আৰু সঠিকভাৱে ৰূপায়ণ কৰাটো অন্যতম প্ৰধান লক্ষ্য বুলি মন্ত্ৰী বৰুৱাই ভাষণত উল্লেখ কৰে। ভাষণত মন্ত্ৰী বৰুৱাই লগতে কয় যে, বিশ্বৰ জনপ্ৰিয় নেতা তথা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত এতিয়া বিশ্বগুৰু হ'বলৈ আগবাঢ়িছে। বিশ্বৰ পঞ্চমতম অৰ্থনীতি ভাৰতবৰ্ষত এতিয়া বিকাশৰ ধাৰা বৈছে।

yjgt

 সমান্তৰালকৈ অসমো জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুদক্ষ তথা সবল নেতৃত্বত সকলো দিশৰ পৰা দেশৰ এখন আগশাৰীৰ ৰাজ্য হ'বলৈ আগবাঢ়ি হৈ আছে। বৰ্তমান ৰাজ্যৰ চাৰিওদিশে শান্তি আৰু উন্নয়নৰ জয়যাত্ৰা অব্যাহত আছে। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰৰ দিনত আগন্তুক দিনতো অসমত শান্তি-সম্প্ৰীতি, বিকাশ তথা উন্নয়নৰ এই ধাৰা অব্যাহত থাকিব বুলি মন্ত্ৰী বৰুৱাই ভাষণত উল্লেখ কৰে।

জয়ন্ত মল্লবৰুৱা