Advertisment

নেহৰু-গান্ধী পৰিয়ালৰ সমৰ্থক নহ'লে কংগ্ৰেছত আদৰ নাইঃ জয়ন্ত মল্লবৰুৱা

প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰ ডাঙৰীয়াই দিল্লীত আম্বেদকাৰ কেন্দ্ৰ নিৰ্মাণৰ বাবে ভূমি আৱণ্টন দিছিল,পৰৱৰ্তীকালত কংগ্ৰেছ ক্ষমতালৈ অহাত এই নিৰ্মাণ কাৰ্য বন্ধ কৰি ৰাখিছিল-জয়ন্ত মল্লবৰুৱা

author-image
Asomiya Pratidin
New Update
ি

ডিজিটেল সংবাদ,গুৱাহাটীঃ   "নেহৰু-গান্ধী পৰিয়ালৰ সমৰ্থক নহ'লে কংগ্ৰেছত কোনো আদৰ নাই। এয়াই কংগ্ৰেছী ৰাজনীতিৰ সত্য কথা"- কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি সামজিক মাধ্যমত এইদৰে বিস্ফোৰক মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। নেহৰু আৰু গান্ধী পৰিয়ালে কিদৰে ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা বাবাচাহেব আম্বেদকাৰৰ লগত অন্যায় কৰি আহিছিল উদাহৰণসহ তাৰ বিতং ব্যাখ্যা মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত দাঙি ধৰিছে।

Advertisment

সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা নাতিদীৰ্ঘ এক লেখাত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে, স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা বাবাচাহেব আম্বেদকাৰৰো একেই দশা হ'ল৷ নিভাঁজ দেশপ্ৰেমিক, দেশৰ দলিত আৰু পিছপৰা জনতাৰ কন্ঠ আম্বেদকাৰক জৱাহৰলাল নেহৰুৱে কোনো ধৰণৰ সন্মান দিবলৈ নিবিচাৰিলে। আম্বেদকাৰে জীৱিত কালত কংগ্ৰেছৰ পৰা পালে মাথোঁ অৱহেলা আৰু অপমান। আনকি নেহৰুৱে প্ৰথমখন মন্ত্ৰীসভাত বাধ্য হৈ কেবিনেটত স্থান দিলে যদিও নিজৰ কেবিনেট সতীৰ্থগৰাকীক কোনো গুৰুত্ব নিদি অৱশেষত পদত্যাগ কৰিবলৈ বাধ্য কৰালে।

দুটাকৈ নিৰ্বাচন, ক্ৰমে ১৯৫২-ৰ সাধাৰণ নিৰ্বাচন আৰু ১৯৫৪ চনৰ উপ-নিৰ্বাচনত আম্বেদকাৰক নেহৰু আৰু কংগ্ৰেছে হৰুৱালে। আনকি নেহৰুৱে আম্বেদকাৰৰ বিৰুদ্ধে প্ৰচাৰ অভিযান পৰ্যন্ত চলাইছিল। আম্বেদকাৰৰ দৰে দলিত নেতা, নেহৰু আৰু কংগ্ৰেছৰ কেতিয়াও পছন্দ নাছিল বুলি মন্ত্ৰীগৰাকীয়ে লেখাটোত উল্লেখ কৰে। অকল ইমানেই নহয়। আম্বেদকাৰক কৰা অপমান ইয়াতেই শেষ হোৱা নাই বুলি উল্লেখ কৰি নেহৰুৱে প্ৰধানমন্ত্ৰিত্বৰ কালছোৱাত ১৯৫৫ চনত নিজেই দেশৰ সৰ্বোচ্চ সন্মান 'ভাৰত ৰত্ন' লোৱা বুলি কটাক্ষ কৰে৷

আনহাতে, তেওঁৰ জীয়ৰী ইন্দিৰা গান্ধীয়ে 'ভাৰত ৰত্ন' পালে ১৯৭১ চনত। ৰাজীৱ গান্ধীয়ে পালে ১৯৯১ চনত। কিন্তু কংগ্ৰেছৰ শাসনত আম্বেদকাৰক 'ভাৰত ৰত্ন' নিদিলে। 'ভাৰত ৰত্ন' বাদেই 'পদ্মশ্ৰী' বা 'পদ্মভূষণ'ও নিদিলে বুলি উল্লেখ কৰে। কংগ্ৰেছৰ বাবে আম্বেদকাৰ ইমানেই অস্পৃশ্য আছিল নে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে।

লেখাটোত মন্ত্ৰীগৰাকীয়ে এখন অকংগ্ৰেছী চৰকাৰেহে আম্বেদকাৰক 'ভাৰত ৰত্ন' দি সন্মান জনোৱাৰ কথা উল্লেখ কৰে। ১৯৯০ চনত বিজেপি সমৰ্থিত ভি পি সিং চৰকাৰে আম্বেদকাৰক 'ভাৰত ৰত্ন' সন্মান দি তেখেতৰ কৰ্মৰাজিক শ্ৰদ্ধা জনালে। এইক্ষেত্ৰত কংগ্ৰেছৰ বাবে আম্বেদকাৰ ইমানেই অস্পৃশ্য আছিল যে আম্বেদকাৰক নিৰ্বাচনত পৰাজিত কৰা নাৰায়ণ কাজ্ৰলকাৰকহে কংগ্ৰেছ চৰকাৰে 'পদ্মভূষণ' সন্মান দিছিল বুলি মন্ত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

লেখাটোত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে নেহৰু আৰু কংগ্ৰেছে আম্বেদকাৰক সন্মানতো নিদিলেই, আনকি দেশৰ কোনো আঁচনি বা ৰাষ্ট্ৰীয় সম্পদ তেখেতৰ নামেৰে নামাকৰণ নকৰিলে৷ দেশৰ কোনো প্ৰান্তত এটা স্মাৰক নিৰ্মাণ নকৰিলে। তেতিয়াৰ বোম্বেৰ মেয়ৰে আম্বেদকাৰৰ স্মৃতিত স্মাৰক নিৰ্মাণ কৰিবলৈ নেহৰুক অনুৰোধ জনাইছিল যদিও নেহৰুৱে এনেকুৱা স্মাৰক চৰকাৰী খৰচত নিৰ্মাণ কৰিবলৈ অস্বীকাৰ কৰিছিল।

নেহৰুৰ 'মুখ্যমন্ত্ৰীলৈ পত্ৰ' গ্ৰন্থখনত এই কথাখিনি উল্লেখ আছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰ ডাঙৰীয়াই দিল্লীত আম্বেদকাৰ কেন্দ্ৰ' নিৰ্মাণৰ বাবে ভূমি আৱণ্টন দিছিল, কিন্তু পৰৱৰ্তীকালত কংগ্ৰেছ ক্ষমতালৈ অহাত এই নিৰ্মাণ কাৰ্য বন্ধ কৰি ৰাখিছিল। মোডী ডাঙৰীয়াই ক্ষমতালৈ আহিহে এই কাম সমাধা কৰে। 

মন্ত্ৰীগৰাকীয়ে লেখাটো উল্লেখ কৰে- মই পূৰ্বতে কৈছিলোঁ যে দেশৰ অধিকাংশ ৰাষ্ট্ৰীয় আঁচনি আৰু সম্পদ গান্ধী পৰিয়ালৰ নামেৰে নামাকৰণ কৰা হৈছিল। অসমতো ওৰাং অভয়াৰণ্য আৰু জালুকবাৰী চ'ক ৰাজীৱ গান্ধীৰ নামেৰে নামাকৰণ কৰিছিল পূৰ্বৰ কংগ্ৰেছ চৰকাৰে৷ এইখিনিতে নেহৰু আৰু কংগ্ৰেছৰ হিন্দু বিৰোধী স্থিতিও চকুত পৰে। আম্বেদকাৰে ভাৰতবৰ্ষত সমতা স্থাপনৰ উদ্দেশ্যে সংসদত হিন্দু কোড বিল উত্থাপন কৰিছিল যদিও কংগ্ৰেছ চৰকাৰে বিলখনত সমৰ্থন দিবলৈ অস্বীকাৰ কৰে। এতিয়া একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত কংগ্ৰেছে যিমানেই আম্বেদকাৰৰ নাম নলওক কিয়, কংগ্ৰেছৰ যে আম্বেদকাৰ আৰু দলিত আৰু পিছপৰা মানুহৰ প্ৰতি তিলমানো আন্তৰিকতা নাই সেয়া নিজৰ কৰ্মৰ জৰিয়তে স্পষ্ট৷

কংগ্ৰেছৰ দলিত আৰু পিছপৰা লোকৰ প্ৰতি যে কোনো আগ্ৰহ নাই সেই কথা এটা উদাহৰণেই যথেষ্ট৷ পিছপৰা শ্ৰেণীৰ লোকৰ অধিকাৰ আৰু প্ৰতিনিধিত্ব নিশ্চিত কৰিবলৈ পিছপৰা শ্ৰেণীৰ ৰাষ্ট্ৰীয় আয়োগক সাংবিধানিক স্বীকৃতি প্ৰদানৰ কাম কংগ্ৰেছে নকৰিলে৷ এই কাম কৰিলে বৰ্তমানৰ বিজেপি চৰকাৰে। ২০১৮ চনত ১০২ নং সংবিধান সংশোধনীৰ জৰিয়তে মোডী চৰকাৰেহে পিছপৰা শ্ৰেণীৰ ৰাষ্ট্ৰীয় আয়োগক সাংবিধানিক স্বীকৃতি প্ৰদান কৰে।

মন্ত্ৰীগৰাকীয়ে লেখাটোত কয় যে কংগ্ৰেছৰ মুখত আম্বেদকাৰৰ নাম আৰু ভূতৰ মুখত ৰাম নাম একেই কথা। তিলমানো যদি কংগ্ৰেছ দলটোৰ লজ্জা আছে, শাসনত থকা সময়ত সদায় অৱহেলা-অপমানিত কৰা আম্বেদকাৰৰ নাম নোলোৱাই ভাল বুলি কংগ্ৰেছক কটাক্ষ কৰে।

জয়ন্ত মল্লবৰুৱা