/asomiyapratidin/media/media_files/2024/12/15/zHTCr5Zh815GeczhF3Fi.jpg)
ডিজিটেল সংবাদ,নলবাৰীঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সহযোগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মাৰ্গদর্শনত অত্যন্ত ক্ষিপ্ৰতাৰে জনকল্যাণমূলক আঁচনি সমূহ ৰূপায়ণ কৰাত সফল হৈছে কেবিনেট মন্ত্ৰী শ্ৰী জয়ন্ত মল্ল বৰুৱা। আজি খাদ্য সুৰক্ষা সুনিশ্চিতকৰণেৰে নতুন বিধান সভা সমষ্টি ভিত্তিত আনুষ্ঠানিকভাৱে নতুন ৰেচন কার্ড বিতৰণৰ প্রথম পৰ্যায়ৰ কাৰ্যসূচীৰ অন্তর্গত ৩৯নং নলবাৰী সমষ্টিত ৰেচন কাৰ্ড বিতৰণ কৰা হয়।
সমষ্টিটোত নতুনকৈ সংযোগ কৰা ৩,১০৭গৰাকী আৰু ২,৬২৮ পুৰণি হিতাধিকাৰীক নতুনকৈ সংলগ্ন কৰি আনুষ্ঠানিকভাৱে ৰেচন কার্ড বিতৰণ কৰে কেবিনেট মন্ত্ৰী তথা সমষ্টিটোৰ বিধায়ক শ্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰী শ্ৰী বৰুৱাই ভাষণ প্ৰদান কৰি খাদ্য সুৰক্ষা আইনৰ অধীনত লাভ কৰা ৰেচন কাৰ্ডৰ সুবিধাসমূহৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰে। উল্লেখ্য যে আজি গুৱাহাটীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেন্দ্ৰীয়ভাৱে ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী আৰম্ভ কৰে।
আজি মন্ত্ৰী মল্লবৰুৱাই নলবাৰীত এই উদ্দেশ্যে অনুষ্ঠিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি কয়, ' আজিৰ বিতৰণ কৰা কাৰ্ডৰ ফলত প্ৰায় ১৫ হাজাৰ লোক উপকৃত হ'ব। অন্ত্যোদয়া অন্ন যোজনাৰ ৰেচন কার্ডপ্রাপ্ত পৰিয়ালে মাহিলী ৩৫ কিলোগ্রামকৈ আৰু প্রতিটো অগ্রাধিকাৰপ্ৰাপ্ত ৰেচন কার্ড থকা পৰিয়ালৰ প্রতিগৰাকী সদস্যই মাহিলী ৫ কিলোগ্রামকৈ বিনামূলীয়া চাউল লাভ কৰিব। ৰেচন কার্ডপ্রাপ্ত প্রতিটো পৰিয়ালে আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান অসম মুখ্যমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত আয়ুষ্মান কার্ডৰ জৰিয়তে বছৰি ৫ লাখ টকা পর্যন্ত বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব। বর্তমান ৰন্ধন গেছৰ সংযোগ নথকা ৰেচন কার্ডপ্রাপ্ত পৰিয়ালে প্রধানমন্ত্রী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ লাভ কৰিব। উজ্জ্বলা আঁচনিৰ অধীনত হিতাধিকাৰীয়ে প্রথমতে গেছ ষ্ট'ভ, পাইপ, ৰেগুলেটৰ আৰু ১৪.২০ কিলোগ্রাম ওজনৰ গেছসহ চিলিণ্ডাৰ অথবা ৫ কিলোগ্রাম ওজনৰ গেছসহ দুটা চিলিণ্ডাৰ বিনামূলীয়াকৈ লাভ কৰিব। পাছৰবাৰ গেছ ভর্তি কৰোঁতে মুঠ দামৰ পৰা ৩০০ টকাৰ ৰেহাই কেছ-বেক হিচাপে লাভ কৰিব।'
জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নীত কৰাৰ উদ্দেশ্যেৰে দেশৰ প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ এই আঁচনিসমূহ ৰাইজৰ ওচৰ চাপি যোৱাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মার্গদর্শনত সকলোৱে অত্যন্ত আগ্ৰহেৰে কাম কৰি আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয়- 'এইবাৰ এই আঁচনিৰ ফলত প্ৰায় ২০ লাখ দৰিদ্ৰ লোক উপকৃত হ'ব। আজি ৰাজ্যৰ ৪৯টা সমষ্টিত এই আঁচনিৰ একেলগে শুভাৰম্ভ কৰা হয়। ২০১৫ চনৰ পৰা অসমত এই আইন প্ৰচলন হোৱাৰ পৰা আমাৰ চৰকাৰে দৰিদ্ৰ লোকসকলক প্ৰাপ্য সুবিধা সুচাৰুৰূপে প্ৰদান কৰাৰ ক্ষেত্ৰত কাম কৰি আছে। ৰেচন কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত কোনেও যাতে দুৰ্নীতি কৰিব নোৱাৰে, যোগ্য হিতাধিকাৰীয়ে যাতে এই সুবিধা লাভ কৰে, তাৰ প্ৰতি খুব কঠোৰ দৃষ্টি দি আছোঁ।'
আনহাতে, কিছুমান কাৰ্ডত কিছু আসোঁৱাহ পোৱা হৈছে। সেইসমূহ কাৰ্ড পুনৰীক্ষণ কৰি ২৪ ডিচেম্বৰত এক অনুষ্ঠান আয়োজন কৰি বিতৰণৰ ব্যৱস্থা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে সভাত উল্লেখ কৰে। পূৰ্বতে ৰেচন কাৰ্ডৰ ক্ষেত্ৰত হোৱা দুৰ্নীতিৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আজিকালি কোনেও বেলেগৰ নামত এই কাৰ্ডৰ সুবিধা ভোগ কৰি থাকিব নোৱাৰে, ইয়াৰ বাবে চৰকাৰে খুব কঠোৰ নীতি বান্ধি দিছে। আজিকালি সুলভ মূল্যৰ দোকানত গৈ চাউল সংগ্ৰহ কৰিহে টিপচহী মাৰিবলৈ হিতাধিকাৰীসকলক মন্ত্ৰী বৰুৱাই আহ্বান জনায়। দৰিদ্ৰ লোকসকলে যাতে সহজেই ৰেচন কাৰ্ডখন লাভ কৰিব পাৰে, তাৰ বাবে আজি অনুষ্ঠিত সভাস্থলীত কাউণ্টাৰ খুলি দিয়া হৈছিল। তাৰ পৰা কোনো কষ্ট নোহোৱাকৈ লোকসকলে সহজে নিজৰ কার্ডসমূহ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা হৈছিল। আনহাতে, এই কাৰ্ডৰ সঠিক ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি আধাৰ কাৰ্ডৰ লগত সংযুক্ত কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুশাসন তথা সুদক্ষ নেতৃত্বত ৰাজ্যৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰখনে সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰি আছে। সভাত চৰকাৰখনে গ্ৰহণ কৰা বহুকেইটা জনকল্যাণমূলক আঁচনি, স্বচ্ছ তথা নিকা নিযুক্তি প্ৰক্ৰিয়া আদিৰ বিষয়েও মন্ত্ৰী বৰুৱাই উল্লেখ কৰি আগন্তুক দিনতো ৰাইজৰ উন্নয়নৰ বাবে কাম কৰি যাব বুলি উল্লেখ কৰে।