কাজিৰঙাত বিশ্ব পৰ্যটন দিৱস ২০২২ উদযাপন...

অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, এ টি ডি চি ৰ অধ্যক্ষ, ঋতুপৰ্ণ বৰুৱা উপস্থিত থাকে

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত বিশ্ব পৰ্যটন দিৱস ২০২২ উদযাপন...

KAZIRANGA

ডিজিটেল সংবাদ, বোকাখাতঃ মঙলবাৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত পৰ্যটন বিভাগ,অসমৰ দ্বাৰা কাজিৰঙাৰ কঁহৰাত বিশ্ব পৰ্যটন দিৱস,২০২২ উদযাপন কৰা হয়।

Advertisment

অসমৰ সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰদৰ্শিত কৰি এক সাংস্কৃতিক সমাৱেশেৰে আৰম্ভ কৰা এই অনুষ্ঠানৰ পৰৱৰ্তী পৰ্যায়ত "পৰ্য্যটন পুনৰচিন্তন" আলোচনা চক্ৰ অনুষ্ঠিত হয়।

মুকলি অধিবেশনত ভাষণ দি মন্ত্ৰী বৰুৱাই পৰ্যটনক লৈ মত ব্যক্ত কৰি সাংস্কৃতিক বিনিময় আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত পৰ্যটনৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে পৰ্যটক অনুকূল পৰিৱেশ গঢ়ি তোলাৰ লগতে আউটষ্টেচন পৰ্যটকৰ বাবে উপযুক্ত আতিথ্য নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

পৰ্যটন আৰু আতিথ্য উদ্যোগী সকলে আতিথ্য আন্তঃগাঁথনি সৃষ্টিৰ ক্ষেত্ৰত আগভাগ ল’ব লাগে আৰু উদ্যোগীসকলক সুবিধা আৰু প্ৰচাৰৰ বাবে চৰকাৰে অনুঘটক হিচাপে কাম কৰিব।

লগতে তেওঁ কয় যে ৰাজ্য বা দেশৰ বাহিৰত বসবাস কৰা পৰ্যটকসকলক আকৰ্ষণ কৰিবলৈ সংবাদ মাধ্যমে অসমৰ ইতিবাচক দিশসমূহ আলোকপাত কৰিব লাগে। অসমৰ পৰ্যটন বেছিভাগেই ধৰ্মীয়, প্ৰত্নতাত্ত্বিক আৰু বন্যপ্ৰাণীকেন্দ্ৰিক; গতিকে এই দিশসমূহক প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আমি সম্ভাৱনা আৰু অধিক বিচাৰি উলিওৱাটো প্ৰয়োজন।

অনুষ্ঠানৰ লগত সংগতি ৰাখি "অনুপম অসম" নামেৰে এখন কফি টেবুল বুকও উদ্বোধন কৰে মন্ত্ৰী গৰাকীয়ে।

অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, এ টি ডি চি ৰ অধ্যক্ষ, ঋতুপৰ্ণ বৰুৱা, এ টি ডি চি ৰ উপাধ্যক্ষ, দিলীপ দাস;এম ডি এ টি ডি চি, কুমাৰ পদ্মপানী বৰা, অ’ এছ ডি পৰ্যটন বিভাগ ৰজবী হুছেইনৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

kaziranga national park