সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱালৈ 'বেংমৰা সমন্বয় বঁটা-২০২২'

 জয়ন্ত বৰুৱালৈ 'বেংমৰা সমন্বয় বঁটা-২০২২'
জয়ন্ত বৰুৱালৈ 'বেংমৰা সমন্বয় বঁটা-২০২২'

ডিজিটেল ডেস্কঃ অসমৰ জাতীয় সংগঠনসমূহৰ অন্যতম সদৌ অসম মটক যুৱ ছাত্ৰ- সন্মিলনৰ ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সংগঠনটোৱে আজি 'সাদিন-প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ তথা 'অসমীয়া প্ৰতিদিন'ৰ সম্পাদক জয়ন্ত বৰুৱালৈ আগবঢ়ালে 'বেংমৰা সমন্বয় বঁটা-২০২২'। ডিব্ৰুগড় জিলাৰ লাহোৱালৰ চেতিয়াপাৰ জিকমিক সংঘৰ খেলপথাৰত অনুষ্ঠিত হোৱা বাৰ্ণাঢ্য কাৰ্যসূচীত এই বঁটা আগবঢ়োৱা হয় জয়ন্ত বৰুৱালৈ।

প্ৰাক স্বাধীনোত্তৰ কালতেই ১৯৪০ চনত জন্মগ্ৰহণ কৰিছিল অসম অন্যতম প্ৰাচীন জনগোষ্ঠী মটকসকলৰ ছাত্ৰ সংগঠন সদৌ মটক যুৱ-ছাত্ৰ সন্মিলনে। ৮২ বছৰত ভৰি দিয়া এই জাতীয় সংগঠনটোৱে প্ৰতি বছৰে প্ৰদান কৰি আহিছে 'বেংমৰা সমন্বয় বঁটা'।

মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংই বেংমৰা মটক ৰাজ্য গঠন কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন কৰি যি সু-শাসন, বীৰত্ব আৰু আদৰ্শ দেখুৱাই গৈছে সেই আদৰ্শক সৰোগত কৰি সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে অসমৰ সমাজ জীৱনলৈ বিশেষ ভাৱে অৱদান আগবঢ়োৱা একোজন বিশেষ সমাজ হিতৈশী ব্যক্তিক এই 'বেংমৰা সমন্বয় বঁটা' প্ৰদান কৰি আহিছে। সেই অনুসৰিয়েই ২০২২ বৰ্ষৰ বাবে এই বঁটা জয়ন্ত বৰুৱালৈ আগবঢ়োৱা হৈছে।

ছাত্ৰ অৱস্থাৰ পৰাই অসমৰ জাতীয় সমস্যাক লৈ অতি সচেতন জয়ন্ত বৰুৱাই অসমৰ অন্যতম জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত জড়িত হৈ এসময়ত অসম আন্দোলনতো অংশগ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত প্ৰথমে সাত দিনীয়া 'সাদিন' কাকত প্ৰকাশ কৰি অসমৰ সংবাদ জগতত আলোড়নৰ সৃষ্টি কৰা বৰুৱাই পৰৱৰ্তী সময়ত দৈনিক কাকত 'অসমীয়া প্ৰতিদিন' প্ৰতিষ্ঠা কৰি অসমৰ সংবাদ জগতত এক মাইলৰ সুঁতি স্থাপন কৰিবলৈ সক্ষম হ'ল।

ইয়াৰ পৰৱৰ্তী সময়ত বৰুৱাই 'নন্দিনী', 'সাতসৰী'ৰ দৰে মাহেকীয়া আলোচনী আৰু চেটেলাইট টেলিভিশ্যন চেনেল 'প্ৰতিদিন টাইম'ৰ জৰিয়তে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সংবাদ ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়াইছে। কেৱল সংবাদ ক্ষেত্ৰৰ জৰিয়তেই নহয় ব্যক্তিগত ভাৱেও তেওঁ অসমৰ সমাজ, সংস্কৃতি, সাহিত্য আদিৰ বাবে আগবঢ়াই আহিছে বিশেষ অৱদান।

অতি শেহতীয়াকৈ এছিয়াৰ ভিতৰতেই প্ৰথমখন পূৰ্ণাংগ ব্ৰেইলী অভিধান হিচাপে হেমকোষৰ ব্ৰেইলী সংস্কৰণ প্ৰকাশ কৰি জয়ন্ত বৰুৱাই এক নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। অসমৰ সমাজ, সংস্কৃতি, ভাষা, সাহিত্য আৰু সংবাদ ক্ষেত্ৰলৈ আগবঢ়োৱা এনে অৱদানৰ বাবেই জয়ন্ত বৰুৱালৈ এই বঁটা আগবঢ়োৱা হৈছে।

২৭ অক্টোবৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই সন্মিলনৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনৰ কাৰ্যসূচী পুৱা ৯ বজাত পতাকা উত্তোলনৰ জৰিয়তে আৰম্ভ হয়। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে সমাপ্ত পৰা প্ৰথম দিনৰ কাৰ্যসূচীৰে পিছতে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হয়। পুৱা প্ৰতিষ্ঠা দিৱসস্থলীত উত্তোলন কৰা হয় সংগঠোনটোৰ ৮২ খন পতাকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in