/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/67d42722-cb91-48f7-9b12-dd5e4b8f12d1/42305415-da1e-4a44-902b-d9afedf956e1.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ ঐতিহাসিক হাতীয়েখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰাণচঞ্চল পৰিৱেশ । ১৯৫৮ চনত প্ৰতিষ্ঠা লাভ কৰা হাতীয়েখোৱাৰ অগ্ৰণী শিক্ষানুষ্ঠানখনিত বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ল প্ৰাক্তন ছাত্ৰ সমাৰোহ । পতাকা উত্তোলন,স্মৃতি তৰ্পনৰে আৰম্ভ হোৱা সমাৰোহত হাতীয়েখোৱাৰ সন্তান, প্ৰথিতযশা সাহিত্যিক ড৹ নগেন শইকীয়াৰ নামত নিৰ্মিত বিদ্যালয়ৰ মূল তোৰণ উন্মোচন কৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/46312e4c-98bf-41f9-9a2e-e34a1de930a8/370b86b8-cdce-4eb2-9670-f86a1b877f48.jpg)
শিক্ষাবিদ দ্ৰোণকান্ত শইকীয়াৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে সাহিত্যিক ড৹ নগেন শইকীয়াই। সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি অভিৱৰ্তন গোস্বামীয়ে শ্বহীদ তৰ্পন কৰাৰ পিছত উন্মোচন কৰা হয় বিদ্যালয়ৰ প্ৰাৰ্থনা গৃহ,বিশুদ্ধ খোৱাপানী আঁচনি আৰু প্ৰাক্তন ছাত্ৰ সমাৰোহৰ স্মাৰক। পুৱাৰে পৰা বিদ্যালয়ৰ বাকৰিত বিৰাজ কৰে উখল-মাখল পৰিৱেশ। গায়ন বায়নেৰে আদৰি আনিলে অভ্যাগতক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/eec91909-2454-42f1-9d27-7dc98153142c/0242595f-e7ea-4258-b06c-3e34a3236d8a.jpg)
শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ'ল প্ৰাইজমনি চিত্ৰাংকন প্ৰতিযোগিতা । প্ৰদৰ্শিত হ'ল বিবিধ চিত্ৰকলা,গ্ৰন্থ বিপনীও । হেমকোষৰ ব্ৰেইল সংস্কৰণৰ জৰিয়তে গৌৰৱ কঢ়িয়াই অনা পৰিপ্ৰেক্ষিতত বিশেষ সম্বৰ্ধনা জনোৱা হয় সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/cce92b9e-a451-413e-9c7b-7d9ee2e8d48a/b3f8995b-9a76-4a9c-8c97-f60b40065c4e.jpg)
মুকলি সভাত ভাষণ প্ৰসংগত জয়ন্ত বৰুৱাই কয়- আজিৰ এই মহৎ অনুষ্ঠানত উপস্থিত হওঁতে মোৰ মনলৈ আহিছে ছাত্ৰ জীৱনৰ বহু স্মৃতি। এসময়ত ময়ো বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ আছিলো। ছাত্ৰাৱস্থাতে অসম আন্দোলনৰ সৈতে যুৱ ছাত্ৰ পৰিষদৰ সদস্য হিচাপে জড়িত হৈছিলো। সংগ্ৰামৰ মাজতে আমাক পোহৰ দেখুওৱা শিক্ষকসকলক আমি বিভিন্ন সময়ত লগো পাইছিলো। তাৰে বহু শিক্ষক-অধ্যাপক ইতিমধ্যে স্বৰ্গগামী হৈছে, কোনো কোনো জীয়াই আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/761d4389-c1af-4be5-81ab-c8220041e5d1/5a6adc30-217b-414e-bd17-521ef475ca1b.jpg)
সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষগৰাকীয়ে লগতে কয়- যেতিয়াই আমি এই শিক্ষাগুৰুসকলক দেখা পাঁও, তেতিয়াই ভগৱানক দেখাৰ দৰে আমাৰ এক অনুভৱ হয়। আজি এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকক এসময়ত শিক্ষাদান কৰা ড০ নগেন শইকীয়া ছাৰে তেওঁলোকক দিয়া জ্ঞানৰ পোহৰ সুঁৱৰি, তেখেতৰ নামত এখন স্মাৰক তোৰণ নিৰ্মাণ কৰি এক বিৰল দৃষ্টান্ত তুলি ধৰিছে। মই নতঃমস্তক হৈ সেইসকলক আন্তৰিক কৃতজ্ঞতা জনাইছো আৰু নগেন শইকীয়া ছাৰৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰিছো। লগতে এনে এক মহৎ অনুষ্ঠানত উপস্থিত হ'বলৈ পাই নিজকে ধন্য মানিছো।
ভাষণ প্ৰসংগত জয়ন্ত বৰুৱাই হেমকোষৰ ব্ৰেইল সংস্কৰণৰ ক্ষেত্ৰত ড৹ নগেন শইকীয়াৰ অৱদানক স্বীকৃতি জনায়। অনুষ্ঠানত হেমকোষৰ বাবে ড৹ নগেন শইকীয়াই লিখা পাতনি পাঠ কৰে জয়ন্ত বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/bb01cd77-3c9a-4b11-b192-ee81240dbb4d/9255ad90-9982-4678-8e70-c63711d4f7b2.jpg)
বিদ্যালয়খনত ইতিপূৰ্ব্বে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা মৃত শিক্ষাগুৰু সকলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বালনৰ পিছত মঞ্জু হাজৰিকাই নিৰ্মাণ কৰি দিয়া প্ৰয়াত ইন্দেশ্বৰ হাজৰিকা সোঁৱৰণী খোৱাপানী আঁচনি উদ্বোধন কৰে বিশিষ্ট পৰিবেশ কৰ্মী; সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f75ffb88-3a63-48bd-a41c-f9fbe0571dc2/cfe3d452-974a-4216-9a18-8ab986a26be4.jpg)
ইয়াৰ পিছত প্ৰয়াত মাণিক শইকীয়া সোঁৱৰণী প্ৰাৰ্থনা গৃহৰ আধাৰশিলা শুভাৰম্ভ কৰে ডা° অজিত বৰুৱাই ৷ বিশিষ্ট সমাজকৰ্মী প্ৰদীপ গোস্বামীৰ সভাপতিত্বত বিয়লি অনুষ্ঠিত হোৱা প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠানত বিভিন্নজনক সম্বৰ্ধনা জনোৱাৰ লগতে সাদিন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা আৰু অসমীয়া ভাষাৰ জগতৰ উজ্বল নক্ষত্ৰ ড° নগেন শইকীয়াৰ বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f45ff69a-ffff-40dd-af43-2e7e85afe703/95333772-b882-4193-87f1-8afcc328a701.jpg)
ইয়াৰ মাজতে সমবেত সংগীত পৰিবেশনৰ পিছত উদযাপন সমিতিয়ে প্ৰকাশ কৰা স্মৰণিকা “ৰোমন্থন” উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্ৰৱক্তা পৰেশ দত্তই ৷এই অনুষ্ঠানতেই অনুষ্ঠিত চিত্ৰাংকন প্ৰতেযোগিতা বিজয়ী সকলক পুৰষ্কাৰ প্ৰদান কৰা হয় ৷
Also Read: ডিমুত প্ৰয়াত দুলাল চন্দ্ৰ মহন্ত স্মাৰক বক্তৃতানুষ্ঠান