জৱাহৰলাল নেহৰুৰ আদৰ্শই আমাক সদায়েই পথ প্ৰদৰ্শন কৰিব : ৰাহুল গান্ধী

দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আজি ৬১ সংখ্যক মৃত্যুবাৰ্ষিকী। আজিৰ এই দিনটোত দেশৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে তেখেতৰ মৃত্যুবাৰ্ষিকী। তাৰোপৰি তেখেতৰ সমাধিস্থলীত

author-image
Asomiya Pratidin
New Update
জৱাহৰলাল নেহৰুৰ আদৰ্শই আমাক সদায়েই পথ প্ৰদৰ্শন কৰি

ডিজিটেল ডেস্ক : দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আজি ৬১ সংখ্যক মৃত্যুবাৰ্ষিকী। আজিৰ এই দিনটোত দেশৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে তেখেতৰ মৃত্যুবাৰ্ষিকী। তাৰোপৰি তেখেতৰ সমাধিস্থলীত আজি পুৱাই কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী উপস্থিত হৈ শ্ৰদ্ধঞ্জলি নিবেদন কৰে।

একেদৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যালয়তো প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে নেতৃবৃন্দৰ লগতে কৰ্মীসকলে। এই উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা বুলি জানিব পৰা গৈছে। 

আজিৰ এই দিনটোত কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে শ্ৰদ্ধাৰে সুঁৱৰে নেহৰুক। তেওঁ কয়- জৱাহৰলাল নেহৰুৰ আদৰ্শই সদায়ে আমাক পথ প্ৰদৰ্শন কৰিব। তাৰোপৰি নেহৰুৰ আদৰ্শৰে দল সদায় আগবাঢ়ি যাব বুলি মন্তব্য কৰে। 

প্ৰণিধানযোগ্য যে, ১৯৬৪ চনৰ ২৭ মে’ৰ দিনা ইহলীলা সম্বৰণ কৰিছিল জৱাহৰলাল নেহৰুৱে।   

RAHUL GHANDHI