মই হিজাব অথবা বোৰ্খাৰ পক্ষত নহয়: জাভেদ আখটাৰ

মই হিজাব অথবা বোৰ্খাৰ পক্ষত নহয়: জাভেদ আখটাৰ

author-image
asomiyapratidin
New Update
মই হিজাব অথবা বোৰ্খাৰ পক্ষত নহয়:  জাভেদ আখটাৰ

ডিজিটেল ডেস্ক: জনপ্ৰিয় লেখক তথা  গীতিকাৰ জাভেদ আখটাৰে হিজাব বিতৰ্কৰ ওপৰত মন্তব্য কৰে।বৃহস্পতিবাৰে তেওঁ ছ'চিয়েল মাধ্যমৰ জৰিয়তে জনাই যে তেওঁ কেতিয়াও হিজাব অথবা বোৰ্খাক সমৰ্থন নকৰে কিন্তু কৰ্ণাটকত হিজাব পৰিধান কৰা যুৱতীক ভাবুকি দিয়া কথাটেৱে তেওঁক বহু হতাশ কৰিছে।

Advertisment

তেওঁ টুইটাৰৰ মাধ্যমেৰে কয় যে "মই কেতিয়াও হিজাব অথবা বোৰ্খাক সমৰ্থন নকৰো।মই এতিয়াও এই ৰায়ৰ পক্ষতে আছো, কিন্তু একাংশ দুৰ্বৃত্তৰ ভিৰক লৈ মই হতাশ হৈছো,যিয়ে যুৱতী গৰাকীক ভয় খুওৱাৰ চেষ্টা কৰিছে।এয়াই নেকি পুৰুষত্ব। ই বহু দুখজনক"।


— Javed Akhtar (@Javedakhtarjadu) February 10, 2022

উল্লেখ্য যে, কৰ্ণাটকত বৰ্তমান হিজাব বিতৰ্ক চলি আছে। এই সময়চোৱাত একাংশই হিজাব সমৰ্থন কৰাৰ বিপৰীতে একাংশই ইয়াৰ বিৰোধিতা কৰিছে।

বুধবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ত হিজাব বিবাদৰ  ওপৰত শুনানি হৈছিল কিন্তু উচ্চ ন্যায়ালয়ে বিষয়টো উচ্চ বিচাৰপীঠত শুনানি ৰখাৰ পৰামৰ্শ দিয়ে। ইয়াক লৈ উচ্চ ন্যায়ালয়ৰ আন এক বিচাৰপীঠে সাংবিধানিক আৰু মৌলিক অধিকাৰ সম্পৰ্কীয় সকলো বিষয় বিবেচনা কৰিব।

hijab javed akhtar