/asomiyapratidin/media/media_files/2025/05/24/Px2OXpGhcbjO8UCiaOMy.jpg)
জাতীয় মহিলা পৰিষদৰ বৰপেটা জিলা সমিতিৰ প্ৰতিনিধি সভা
ডিজিটেল সংবাদ, বৰপেটাঃ শনিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ বৰপেটা জিলা সমিতিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। এই প্ৰতিনিধি সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক বিজন বায়ন উপস্থিত থাকে।
/asomiyapratidin/media/media_files/2025/05/24/kl2GjV4khpiOfpgWYPUE.jpg)
বৰপেটা জিলা সমিতিৰ মুখ্য আহ্বায়ক নৱজিৎ বায়নৰ সভাপতিত্বত শিৱ শংকৰ ক্লাব সভাগৃহত ডেৰ শতাধিক মহিলাৰ উপস্থিতিত ৰীতা দাসক সভানেত্ৰী আৰু শেৱালী দাসক সম্পাদিকা হিচাপে লৈ পুৰ্ণাংগ সমিতি এখন গঠন কৰা হয়।
/asomiyapratidin/media/media_files/2025/05/24/LM6UJvqvJfiUEo5zcHfl.jpg)
এই সভাত উপস্থিত থাকে প্ৰতিস্থাপক সতীৰ্থ ৰবিন হাজৰিকা, বৰপেটা জিলা সমিতিৰ প্ৰাক্তন সভাপতি কুলজিৎ ৰায়চৌধুৰী, প্ৰাক্তন সাধাৰণ সম্পাদক গোপাল দাস, প্ৰাক্তন যুটীয়া সম্পাদক কন্দৰ্প দাস, জাতীয় মহিলা পৰিষদৰ উপদেষ্টা ৰীণা বৰুৱা কলিতা।
/asomiyapratidin/media/media_files/2025/05/24/QnESNQ4kJx20BMB0DX4s.jpg)
লগতে আমন্ত্ৰিত উপদেষ্টা সবিতা দাস, বিত্ত সম্পাদিকা প্ৰণালী দত্ত কলিতা আৰু পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি অৰুণ জ্যোতি মেধিও সভাত অংশ লয়। অনাগত দিনত এই সমিতি খনে শক্তিশালী ভুমিকা পালন কৰিব বুলি আশাবাদী সংগঠনটোৰ সদস্যাসকল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us