/asomiyapratidin/media/media_files/2025/11/27/336-2025-11-27-16-11-45.jpg)
ডিজিটেল সংবাদ, নগাঁও : ডিব্ৰুগড় ৰে'ল বিভাগৰ অৱসৰী ক্লাৰ্ক মৰিকলং নিবাসী যতীন শইকীয়াৰ (৭৫) পৰলোকপ্ৰাপ্তি ঘটিছে। দীৰ্ঘদিনীয়া বাৰ্ধক্যজনিত ৰোগত ভুগি ২৬ নৱেম্বৰৰ সন্ধিয়া ৬-৪৫ বজাত তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে।
তেওঁ যোগেশ্বৰ শইকীয়া আৰু সুমিত্রা শইকীয়াৰ আঠটি সন্তানৰ পঞ্চম আৰু অবিবাহিত আছিল। মৃত্যুৰ সময়ত তেওঁ ভাই , ভাই বোৱাৰী, ভতিজাক আৰু বৌয়েকক এৰি থৈ গৈছে। বুধবাৰে দিনৰ দহ বজাত আমোলাপট্টি শ্মশানত তেওঁৰ শেষকৃত্য কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us