গেদাৰবড়িত নাট্য-গুণাকৰ যতীন বৰঠাকুৰৰ ৰাজহুৱা স্মৃতিচাৰণ সভা...

বিশিষ্ট অভিনেতা, অসম আন্দোলনৰ এগৰাকী অগ্ৰণী কৰ্মী, সাংস্কৃতিক কৰ্মী, সমাজ সংগঠক  সদ্য  প্ৰয়াত  যতীন বৰঠাকুৰৰ আজি ৰাজহুৱা স্মৃতি-চাৰণ সভাখনি অনুষ্ঠিত হয় ।

author-image
Asomiya Pratidin
New Update
GODAA

ডিজিটেল  সংবাদ, বেবেজীয়াঃ বিশিষ্ট অভিনেতা, অসম আন্দোলনৰ এগৰাকী অগ্ৰণী কৰ্মী, সাংস্কৃতিক কৰ্মী, সমাজ সংগঠক  সদ্য  প্ৰয়াত  যতীন বৰঠাকুৰৰ আজি ৰাজহুৱা স্মৃতি-চাৰণ সভাখনি অনুষ্ঠিত হয় । বেবেজীয়াৰ সমীপৰ ২নং  গেদাৰবড়ি শৰীৰ চৰ্চা কেন্দ্ৰৰ উদ্যোগত অসম নাট্য সন্মিলনৰ নগাঁও জিলা শাখা আৰু চকলাঘাট শাখা সাহিত্য সভাৰ সৌজন্যত ২ নং গেদাৰবড়িৰ শৰীৰ চৰ্চা কেন্দ্ৰৰ সমূহীয়া ভৱনত অনুষ্ঠিত হোৱা সভাখনিত শিল্পী তথা সংগ্ৰামী নেতা দেৱ কুমাৰ বৰাই স্মৃতিচাৰণ  সভাত সভাপতিত্ব কৰি ভাষণত কয় যে , যতীন বৰঠাকুৰ আছিল এগৰাকী সুদক্ষ অভিনেতা হোৱাৰ লগতে তেওঁ আছিল এগৰাকী মানৱ সেৱক ।

Advertisment

বৰঠাকুৰৰ মৃত্যুৱে অঞ্চলটোত নাট্য আন্দোলনত বহু ক্ষতিসাধন কৰিলে । অসমৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী আলিবাট প্ৰকাশনৰ স্বত্বাধিকাৰ প্ৰাঞ্জল মহন্তই আঁতধৰা সভাখনিত অসমৰ প্ৰাক্তন মন্ত্ৰী তথা শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয় যে অসমৰ জাতীয় জীৱনত যিসকল ব্যক্তিয়ে নিজ কৰ্মৰ জৰিয়তে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে সেইসকলৰ ভিতৰত যতীন বৰঠাকুৰ অন্যতম । জীৱনৰ জটিল পৰিক্ৰমাত গৰিষ্ঠ সংখ্যক ব্যক্তিয়েই কালৰ আঁচোৰত ধূসৰ হৈ যায় । কিন্তু কিছু বিশেষ ব্যক্তিৰ সুগন্ধিয়ে জীৱন জ্যোতিৰ্ময় কৰি ৰাখে ।

যতীন বৰঠাকুৰে মৃত্য পৰ্যন্ত স্বাভিমান বৰ্তাই ৰাখিছিল । শিল্পী জ্যোতি মনি বৰুৱাৰ বৰগীত পৰিবেশনেৰে শুভাৰম্ভণি ঘটা সভাখনিত সংগীত শিল্পী দীপাংকৰ শইকীয়াৰ সম্পাদনাৰে নাট্য গুণাকৰ যতীন বৰঠাকুৰৰ সোঁৱৰণত 'অতীন্দ্ৰ-যতীন্দ্ৰ' গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতিয়ে । গ্ৰন্থখনি উন্মোচন কৰি কাকতিয়ে কয় যে  সু-ব্যক্তিৰ ব্যক্তিত্ব নিৰ্দিষ্ট ঠাইত সীমাবদ্ধ হৈ নাথাকে । তেনে এগৰাকী ব্যক্তি আছিল সদ্য প্ৰয়াত যতীন বৰঠাকুৰ ।

স্মৃতি চাৰণ অনুষ্ঠানত শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য, ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক ৰাণা প্ৰকাশ বৰা, অৱসৰপ্ৰাপ্ত অধ্যাপক মোহিনী মোহন ডেকাই সদ্য প্ৰয়াত যতীন বৰঠাকুৰৰ জীৱন সম্পৰ্কে বক্তব্য আগবঢ়াই । ধ্ৰুপদী শিল্পী ৰঞ্জন বেজবৰুৱাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত গীত পৰিবেশন কৰা অনুষ্ঠানটিত সমাজকৰ্মী মিহিৰাম ভূঞা, ক্ষিতেশ্বৰ বৰা, যতীন বৰঠাকুৰৰ পত্নী গীতাঞ্জলি দেৱী, অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যকাৰ প্ৰণৱ বৰুৱা, চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক উৎপল হাজৰিকা, শোণিত ৰঞ্জন হাজৰিকা, কল্যাণ কুমাৰ বৰা, সঞ্জীৱ সাগৰ চৌধুৰীকে ধৰি অঞ্চলটোৰ প্ৰায় তিনি শতাধিক ব্যক্তি উপস্থিত থাকে ।

অন্যহাতে  আজি পুৱা নাম প্রসংগ আৰু বিয়লি ছাত্ৰ-ছাত্ৰীৰ মাজত  যতীন বৰঠাকুৰ সোঁৱৰণী চিত্রাংকন প্রতিযোগিতা, ৩-৩০ বজাত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন আৰু সমূহীয়া শ্রদ্ধাঞ্জলি জনোৱা হয় । বিয়লি ৪-০০ বজাত  স্মৃতিগ্রন্থ উন্মোচন আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । সন্ধ্যা ৭-০০ বজাত  নৱসৃষ্টি নাট্যদল, পুৰণিগুদামৰ দ্বাৰা ,  পৰিৱেশন কৰা হয় নাট্যকাৰ-পৰিচালক সীমান্ত কলিতাৰ 'মানুহ খোৱা মানুহ' নাটৰ । অন্যহাতে নিশা ৯-০০ বজাত নাট্যকাৰ পৰিচালক মৃণাল কুমাৰ বৰাৰ ৰচনা-পৰিচালনাৰে যোৰহাটৰ 'কলাভূমি নাট্য দল'ৰ দ্বাৰা মঞ্চস্থ কৰা হয় 'যি কথা নহ'ল কোৱা' শীৰ্ষক নাটখনি । 

নগাওঁ