/asomiyapratidin/media/media_files/2025/02/11/NJUacRK4KFckKFH4CP0y.jpg)
সম্পূৰ্ণ সুস্থ হোৱাৰ পথত যশপ্ৰীত বুমৰাহ
ডিজিটেল ডেস্ক : চেম্পিয়নছ ট্ৰফীৰ প্ৰাকমুহূৰ্তত টীম ইণ্ডিয়াৰ বাবে ভাল খবৰ। সম্পূৰ্ণ সুস্থ হোৱাৰ পথত দলৰ বলিঙৰ ব্ৰহ্মাস্ত্ৰ যশপ্ৰীত বুমৰাহ। জানিব পৰা মতে দুই- এদিনৰ ভিতৰতে অনুশীলন কৰিব তাৰকা বলাৰগৰাকীয়ে।
সম্প্ৰতি বাংগালুৰুৰ নেচনেল ক্ৰিকেট একাডেমীত ৰিহেব চলিছে বুমৰাহৰ। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ব’ৰ্ডাৰ- গাভাস্কাৰ ট্ৰফীৰ সময়ত পিঠিত আঘাত পাইছিল তেওঁ। অৱশ্যে তেওঁক ৰাখিয়েই ব'ৰ্ডে ইতিমধ্যে ১৫ জনীয়া দল গঠন কৰিছে।