বিশ্বজুৰি প্ৰশংসিত জাপানী ফুটবলাৰ, অনুৰাগীঃ কৰিলে এইটো ডাঙৰ কাম...

বিশ্বজুৰি প্ৰশংসিত জাপানী ফুটবলাৰ, অনুৰাগীঃ কৰিলে এইটো ডাঙৰ কাম
বিশ্বজুৰি প্ৰশংসিত জাপানী ফুটবলাৰ, অনুৰাগীঃ কৰিলে এইটো ডাঙৰ কাম

ডিজিটেল ডেস্কঃ এজন ব্যক্তিৰ আচৰণত প্ৰকাশ পাই সেই ব্যক্তিজনৰ পৰিয়াল আৰু তেওঁ বাস কৰা সমাজখনৰ সংস্কৃতি। একো একোজন ব্যক্তিয়ে কঢ়িয়াই ফুৰে এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ নিৰ্দিষ্ট সংস্কৃতি আৰু ৰীতি-নীতি। সেয়ে একো একোজন ব্যক্তিৰ আচৰণ আৰু তেওঁৰ কাম-কাজৰ পৰাই তেওঁ বাস কৰা সমাজৰ বিষয়ে বহু ধাৰণা কৰিব পাৰি।

পৃথিৱীৰ বিভিন্ন দেশৰ ভিতৰত জাপানীসকলৰ সংস্কৃতি অতি চহকী। জাপানী লোকসকলে পৃথিৱীৰ যি স্থানলৈয়ে যায়, সেই স্থানলৈয়ে কঢ়িয়াই লৈ যায় তেওঁলোকৰ সংস্কৃতি। তেওঁলোকৰ কৰ্ম আৰু আচৰণত ফুটি উঠে তেওঁলোক কিমান সংস্কৃতিবান।

বিশ্ববাসীক জামাপীসকল তেওঁলোকৰ সংস্কৃতিবান চৰিত্ৰৰ বিষয়ে পুনৰ এবাৰ সোঁৱৰাই দিলে কাটাৰ বিশ্বকাপৰ গেলাৰীৰ পৰা। ষ্টেডিয়ামত বহি ফুটবলৰ মহাৰণ উপভোগ কৰা দৰ্শক আৰু জাপানৰ ফুটবল দলৰ খেলুৱৈসকলে তুলি ধৰিলে জাপানৰ সংস্কৃতি।  যাৰ বাবে সমগ্ৰ বিশ্বই জাপানক দিছে সাধুবাদ। প্ৰশংসিত হৈছে বিশ্বজুৰি।

শক্তিশালী জাৰ্মানীৰ বিৰুদ্ধে বুধবাৰে জাপানৰ আছিল কাটাৰ বিশ্বকাপৰ প্ৰথমখন মেচ। মেচখনৰ পূৰ্বে জাৰ্মানীয়েই আছিল ফেভাৰিট। কিন্তু ৯০ মিনিটৰ যুদ্ধত জাপানে প্ৰমাণ কৰিলে সকলো ধাৰণা, সকলো পূৰ্বানুমান শুদ্ধ নহয়। সকলোকে স্তম্ভিত কৰি জাপানে পৰাস্ত কৰিলে জাৰ্মানীক। ইয়ালৈকে সকলো ঠিকেই আছিল। হৰা-জিকাটো প্ৰতিযোগিতাৰ অংশ।

কিন্তু শক্তিশালী জাৰ্মানীক পৰাস্ত কৰাৰ বাবে নহয়, জাপানক সমগ্ৰ বিশ্বই আন এক কাৰণত হে এতিয়া প্ৰশংসা কৰাত ব্যস্ত হৈছে। জাপানে জাৰ্মানীক পৰাস্ত কৰাৰ পিছতে ষ্টেডিয়ামত দেখা গৈছিল এক ব্যতিক্ৰমী দৃশ্য।

মেচখন সমাপ্ত হোৱাৰ পিছতে ষ্টেডিয়ামত উপস্থিত থকা জাপানী লোকসকলে হাতে হাতে প্লাষ্টিকৰ বেগলৈ ব্যস্ত হৈ পৰিল ষ্টেডিয়াত পৰি থকা আৱৰ্জনা চাফা কৰাত। কেৱল  জাপানৰ অনুৰাগীসকলেই নহয়, একেই উদাহৰণ দাঙি ধৰিলে জাপানৰ ফুটবল দলটোৱেও।

দলটোৰ সদস্যসকলে ড্ৰেছিং ৰুম নিজেই পৰিস্কাৰ কৰিলে। যি দৃশ্য ভাইৰেল হৈ পৰিছে বিশ্বজুৰি। সাধুবাদ দিবলৈ বাধ্য হৈছে বিশ্ব।

বুধবাৰে নিশা ফিফাই তেওঁলোকৰ ছ’চিয়েল মিডিয়া হেণ্ডলৰ জৰিয়তে প্ৰচাৰ কৰিছে এখন ফটো আৰু এটা ভিডিঅ'। ফটোখনত দেখা গৈছে জাপানৰ ফুটবল দলটোৱে ব্যৱহাৰ কৰা কোঠাটো কিমান পৰিস্কাৰ হৈ আছে। আনহাতে ভিডিঅ'টোত দেখা গৈছে জাপানী অনুৰাগীসকলে ষ্টেডিয়াম পৰিস্কাৰ কৰাত ব্যস্ত হৈছে।

জাৰ্মানীৰ বিপক্ষে ঐতিহাসিক জয়ৰ পিছতে, খেলুৱৈসকলে ব্যৱহাৰ কৰা কোঠাটো পৰিষ্কাৰ কৰাৰ উপৰিও আৰবী ভাষাত লিখি থৈ গ'ল এটা টোকা।

উল্লেখ্য যে, জাপানে এইদৰে ষ্টেডিয়াম পৰিস্কাৰ কৰাৰ ঘটনা নতুন নহয়। পূৰ্বেও ফিফা বিশ্বকাপৰ মঞ্চত এনে উদাহৰণ জাপানে দাঙি ধৰিছে।

ৰাছিয়া বিশ্বকাপত জাপানী অনুৰাগীয়ে পৰিস্কাৰ কৰিছিল আৱৰ্জনা। অৱশ্যে সেইখন মেচত জাপান ৩-২ ব্যৱধানত পৰাস্ত হৈছিল। তথাপিও অনুৰাগীসকলে ষ্টেডিয়াম পৰিস্কাৰ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছিল।

উল্লেখ্য যে, বুধবাৰে জাপানে  ৪ বাৰৰ বিশ্বকাপ বিজয়ী শক্তিশালী জাৰ্মানীক ২-১ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in