বজালীত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ

বজালী জিলাৰ বাঘমাৰাত ১গৰাকী, দলোপথাৰত ১গৰাকী, ভৱানীপুৰত ১ গৰাকী লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে। একেদৰে ৫ গৰাকীৰ দেহত ইয়াৰ লক্ষণ সন্দেহ কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
vvvvvvvv

বজালীত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ

ডিজিটেল সংবাদ, বজালীঃ সমগ্ৰ ৰাজ্যৰ লগতে বজালী জিলাটো বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহ সংক্ৰমণ। এই ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ফগিঙৰ ব্যৱস্থা হাতত লৈছে জিলা প্ৰশাসনে। অঞ্চলটোৰ ভিন্ন প্ৰান্তত ফগিঙৰ সমান্তৰালভাৱে অনুষ্ঠিত কৰা হৈছে সজাগতা সভা। ইফালে, স্বাস্থ্যকৰ্মী সকলে ঘৰে ঘৰে গৈ ফগিং কৰাৰ লগতে গাড়ীৰেও ফগিং কৰি অঞ্চল সমূহত মহ খেদাৰ ব্যৱস্থা কৰিছে।

Advertisment

উল্লেখযোগ্য যে, বজালী জিলাৰ বাঘমাৰাৰ ১গৰাকী,দলোপথাৰ ১গৰাকী, ভৱানীপুৰৰ ১ গৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে। একেদৰে ৫ গৰাকীৰ দেহত ইয়াৰ লক্ষণ সন্দেহ কৰা হৈছে। স্বাস্থ্য বিভাগে অঞ্চলবাসীক সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনোৱাৰ লগতে জ্বৰ হ'লে ফাৰ্মাচীৰ পৰা ঔষধ আনি খোৱাৰ পৰিৱৰ্তে ওচৰৰ স্বাস্থ্য কেন্দ্ৰত গৈ চিকিৎসকৰ পৰামৰ্শ লোৱাৰ বাবে অনুৰোধ জনাইছে।

বজালী জাপানীজ এনকেফেলাইটিছ