নতুন দিল্লীৰ জন্তৰ মন্তৰত মেইটেই সমন্বয়ক সমিতিৰ বিক্ষোভ কাৰ্যসূচী

দিল্লী মেইটেই সমন্বয়ক সমিতিৰ উদ্যোগত শতাধিক লোকে নতুন দিল্লীত “কৌব্ৰু কাছি” শীৰ্ষক এক শক্তিশালী প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী হাতত লয়। বিয়লি এপুথৌ কৌব্ৰৰু, এপুথৌ থাংজিং, এপুথৌ ৱাংপুৰেল আৰু এপুথৌ মাৰ্জিঙৰ বাবে প্ৰাৰ্থনা সভাৰো আয়োজন কৰে। 

author-image
Asomiya Pratidin
New Update
মেইটেই সমন্বয়ক সমিতিৰ বিক্ষোভ কাৰ্যসূচী

মেইটেই সমন্বয়ক সমিতিৰ বিক্ষোভ কাৰ্যসূচী

ডিজিটেল ডেস্ক: দিল্লী মেইটেই সমন্বয়ক সমিতিৰ উদ্যোগত শতাধিক লোকে নতুন দিল্লীত “কৌব্ৰু কাছি” শীৰ্ষক এক শক্তিশালী প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী হাতত লয়। নতুন দিল্লীৰ জন্তৰ মন্তৰত বিয়লি ২:০০ বজাৰ পৰা বিয়লি ৫:০০ বজালৈ এপুথৌ কৌব্ৰৰু, এপুথৌ থাংজিং, এপুথৌ ৱাংপুৰেল আৰু এপুথৌ মাৰ্জিঙৰ বাবে প্ৰাৰ্থনা সভাৰো আয়োজন কৰে। 

Advertisment

মেইটেই লোকসকলে সদৰী কৰে যে,  "লাখ লাখ মিটেই কৌব্ৰু, থাংজিং আৰু ৱাংপুৰেলক ৰক্ষা কৰিবলৈ নিজৰ প্ৰাণ দিবলৈ সাজু। চৰকাৰী সুৰক্ষা লৈ অথবা এই সুৰক্ষা অবিহনে মেইটেই জনসাধাৰণে নিজৰ পবিত্ৰ স্থানলৈ যাবলৈ সাজু " বুলিও স্পষ্ট কৰি দিয়ে। চৰকাৰক সেই অনুসৰি কাম কৰিবলৈ আহ্বান জনাই বিক্ষোভকাৰীয়ে।

চৰকাৰী সুৰক্ষা লৈ বা মেইটেই লোকসকলক কৌব্ৰু তীৰ্থযাত্ৰালৈ অনুমতি দিবলৈ আবেদন জনায় ৷ লগতে প্ৰতিবাদীকাৰীয়ে উল্লেখ কৰে, "মৌনতাৰ সময় পাৰ হৈ গ’ল। ন্যায়ৰ সময় এতিয়া। কৌব্ৰু আমাৰ। মণিপুৰ আমাৰ। আমি উঠিম। আমি প্ৰাৰ্থনা কৰিম। আমি ৰক্ষা কৰিম।"

মেইটেই