/asomiyapratidin/media/media_files/2025/09/14/347-2025-09-14-11-39-48.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। ভক্তি ৰসত বুৰ হৈছে সমগ্ৰ ৰাজ্য। জন্মাষ্টমী উপলক্ষে বটদ্রৱা থানতো পুৱাৰে পৰা বিৰাজ কৰিছে আধ্যাত্মিক পৰিবেশ।
ভকত বৈষ্ণৱ, আইমাতৃৰ নামকীৰ্ত্তনৰে মুখৰিত হৈ পৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত উদযাপন কৰা অনান্য উৎসৱ পাৰ্বন সমূহৰ ভিতৰত জন্মাষ্টমী অন্যতম।
আজি জন্মাষ্টমী উপলক্ষে পুৱা তাল কোবোৱা প্ৰসঙ্গ, মঞ্জীৰা নাম, আইসকলৰ নাম, খোল প্ৰসঙ্গ, দুপৰীয়া নামপ্ৰসংগৰ পাছত নিশা জন্মযাত্ৰা নাটক পৰিবেশন কৰা হ'ব।