'মহা পণ্ডিত' জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে কঠোৰ স্থিতি অসম সত্ৰ মহাসভাৰঃ অসমবাসীলৈ জনালে এই আহ্বান...

বিষবৃক্ষ কলিতে নাশ কৰাৰ একমাত্ৰ উপায় ৰাজহুৱা বৰ্জন

author-image
Asomiya Pratidin
New Update
'মহা পণ্ডিত' জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে কঠোৰ স্থিতি অসম সত্ৰ মহাসভাৰঃ অসমবাসীলৈ জনালে এই আহ্বান...

ডিজিটেল সংবাদ, গুৱাহাটীঃ নিজকে সত্ৰাধিকাৰ বুলি জাহিৰ কৰি অহা মাজুলীৰ অতি বিতৰ্কিত জনাৰ্দন দেৱ গোস্বামীয়ে শেহতীয়াকৈ মহাপুৰুষ শংকৰ দেৱ সম্পৰ্কে কৰা মন্তব্যৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিক্ৰিয়া। অসম সত্ৰ মহাসভাই এইগৰাকী বিতৰ্কিত সত্ৰীয়াৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যদিও এইবাৰ মহাসভাই গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ।

Advertisment

অসম সত্ৰ মহাসভাই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক তুচ্চ তাচিল্য কৰি অসন্মান সূচক মন্তব্য কৰা আৰু সত্ৰনগৰী মাজুলীত দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰি অসম তথা অসমীয়াক একপ্ৰকাৰ হেয় কৰা জনাৰ্দন দেৱ গোস্বামী নামৰ এই স্বয়ম্ভু সত্ৰাধিকাৰগৰাকীক অতি শীঘ্ৰেই সামাজিক ভাৱে বৰ্জনৰ বাবে অসমবাসীক আহ্বান জনাইছে অসম সত্ৰ মহাসভাই।

আনহাতে কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই মন্তব্য কৰে যে, অনাগত দিনবোৰত জনাৰ্দন দেৱ গোস্বামীৰ কথা কাণ্ডসমূহত উঠি অহা প্ৰজন্মৰ বাবে বিষময় হ'ব আৰু তেওঁলোকক বিপথে পৰিচালিত কৰাৰ সম্ভাৱনা দিনৰ পোহৰৰ দৰে উজ্বল। কাজেই এনে ধৰণৰ বিষবৃক্ষ কলিতে নাশ কৰাৰ একমাত্ৰ উপায় ৰাজহুৱা বৰ্জন।

উল্লেখ্য যে, সমগ্ৰ অসমবাসীলৈ এই আহ্বান জনাই প্ৰধান সম্পাদকজনে ইতিমধ্যে মাজুলীবাসীয়ে জনাৰ্দন দেৱ গোস্বামীক ৰাজহুৱা বৰ্জনৰ যি ৰাজহুৱা সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তক আদৰণি জনায় আৰু এই আপাহতে মাজুলীৰ ৰাইজক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰে। অসম তথা অসমীয়াৰ স্বাভিমান, জাতিৰ পথদ্ৰষ্টা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যশ, মান, কৃতি উত্তৰ পুৰুষৰ সন্মুখত চিৰস্থায়ী কৰাৰ তাগিদাতে জনাৰ্দন দেৱ গোস্বামীৰ দৰে "মহা পণ্ডিত''সৱক সামাজিকভাৱে এঘৰীয়া কৰিবলৈ সমূহ অসমবাসীক সজোৰে অনুৰোধ জনায় অসম সত্ৰ মহাসভাই।

assam majuli satra