৫ মাৰ্চত ধেমাজিত জন আশীৰ্বাদ যাত্ৰা : যান-বাহনক লৈ নিৰ্দেশনা

শাসনাধিষ্ঠিত বিজেপিৰ দলে ২০২৬ ৰ নিৰ্বাচনী প্ৰচাৰৰ উপলক্ষে আৰম্ভ কৰা জন আশীৰ্বাদ যাত্ৰাৰ দলটিয়ে বৃহস্পতিবাৰে ধেমাজি জিলা আহি পাব

author-image
Asomiya Pratidin
New Update
231

ডিজিটেল সংবাদ, ধেমাজি : শাসনাধিষ্ঠিত বিজেপিৰ দলে ২০২৬ ৰ নিৰ্বাচনী প্ৰচাৰৰ উপলক্ষে আৰম্ভ কৰা জন আশীৰ্বাদ যাত্ৰাৰ দলটিয়ে বৃহস্পতিবাৰে ধেমাজি জিলা আহি পাব ৷ এই উপলক্ষে বুধবাৰে  জিলা বিজেপি সমিতিৰ উদ্যোগত জিলাৰ মুখ্য  কাৰ্য্যালয়ত এখনি সংবাদমেল অনুষ্ঠিত কৰে ৷

লখিমপুৰ লোক সভাৰ সাংসদ প্ৰদান বৰুৱা , জিলা বিজেপিৰ সভাপতি ৰূপা কামান , ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ ,জিলা পৰিষদৰ সদস্য লক্ষীধৰ শেনচোৱা , বিজেপিৰ ৰাজ্যিক সম্পাদক বিতুপন দলে , ৰাজ্যিক কাৰ্য্যনিক ধৰ্মকান্ত গগৈ আৰু জিলা বিজেপিৰ সম্পাদক বিপ্লৱ কোঁৱৰে উপস্থিত থকা  সংবাদমেলখনৰ সম্বোধন কৰে ধেমাজি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ৷

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে জন আশীৰ্বাদ যাত্ৰাৰ দলটিয়ে  লখিমপুৰৰ নগৰৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে আৰম্ভ কৰি পুৱা ৯.৪৫  বজাত সোৱণশিৰী মহাবিদ্যালয় খেলপথাৰত উপস্থিত হ'ব ৷ পুৱা ১০ বজাত ১৫ নং ৰাষ্ট্ৰীয় পথেৰে আহি ১০.৪৫ বজাত গোগামুখৰ মইনাপাৰাত ৰোডশ্ব শেষ হ'ব ৷

পুৱা ১০.৪৫  বজাৰ পৰা ১১.১৫ বজাত ধেমাজিলৈ  যাত্ৰা কৰিব ৷ পুৱা ১১.১৫ পৰা ১২ বজাত ভিতৰত  যাত্ৰাৰ দলটি ধেমাজি নগৰ বজাত ভিতৰত চিচিবৰগাঁওত ৰোডশ্ব হোৱা পিছতেই বিয়লি ১.৩০ বজাত কোলাজানত , ২.৩০ বজাত চিলাপথাৰত , বিয়লি ৩.৩০ বজাত চিমেনচাৰিত , ৪.৩০ বজাত জোনাই কুলি তিনি আলিত পোৱা পিছতেই সন্ধিয়া ৫ বজাত জোনাই টাউনত যাত্ৰাৰ  ৰোডশ্ব হ'ব ৷

ইফালে  ধেমাজি জিলাৰ আৰক্ষীয়ে  জন আশীৰ্বাদ যাত্ৰাৰ আগমনকলৈ জিলাখনত যানবাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক নিৰ্দ্দেশখনা জাৰি কৰি নগৰখনৰ ভিতৰত নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনো ধৰনৰ যান-বাহন প্ৰবেশ নিষেধ কৰাৰ লগতে 
বিকল্প পথেৰে চলাচল কৰিব লাগিব বুলি জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকে অৱগত কৰে ৷

ধেমাজি