বিগত ১১ বছৰত জন ঔষধি আঁচনিৰ জৰিয়তে ৰাহি ৩৮,০০০ কোটি টকা

বিগত ১১ বছৰত দেশবাসীৰ বাবে প্ৰায় ৩৮,০০০ কোটি টকাৰ আৰ্থিক ৰাহি কৰিছে চৰকাৰৰ জন ঔষধি আঁচনিয়ে। ২০২৫ চনৰ ৩০ জুনলৈকে সমগ্ৰ দেশতে ১৬,৯১২ জন ঔষধি কেন্দ্ৰ (জেএকে) মুকলি কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
dsdsdsd

ডিজিটেল ডেস্কঃ বিগত ১১ বছৰত দেশবাসীৰ বাবে প্ৰায় ৩৮,০০০ কোটি টকাৰ আৰ্থিক ৰাহি কৰিছে চৰকাৰৰ জন ঔষধি আঁচনিয়ে। ২০২৫ চনৰ ৩০ জুনলৈকে সমগ্ৰ দেশতে ১৬,৯১২ জন ঔষধি কেন্দ্ৰ (জেএকে) মুকলি কৰা হৈছে। মঙলবাৰে ৰাজ্যসভাত এই তথ্য সদৰি কৰিছে ৰাসায়নিক আৰু সাৰ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী অনুপ্ৰিয়া পেটেলে।

Advertisment

মন্ত্ৰীগৰাকীয়ে সদৰি কৰে যে, “এই আঁচনিৰ জৰিয়তে বিগত ১১ বছৰত ব্ৰেণ্ডেড ঔষধৰ দামৰ তুলনাত নাগৰিকসকলৰ বাবে প্ৰায় ৩৮,০০০ কোটি টকাৰ আনুমানিক সঞ্চয় কৰা হৈছে।” তেওঁ লগতে কয় যে, “ৰাষ্ট্ৰীয় স্বাস্থ্য একাউণ্টৰ তথ্য অনুসৰি, ২০১৪-১৫ চনত চিকিৎসা ব্যয় আছিল ৬২.৬%। এই ব্যয় ২০২১-২২ চনত হ্ৰাস পাই ৩৯.৪%লৈ হ্ৰাস হয়। এই ক্ষেত্ৰত জন ঔষধি আঁচনিৰ যথেষ্ট অৰিহণা আছে” বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। 

ইফালে, চৰকাৰে ২০২৭ চনৰ মাৰ্চ মাহৰ ভিতৰত ২৫ হাজাৰ জন ঔষধি কেন্দ্ৰ মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই আউটলেটসমূহে ২,১১০টা ঔষধ, ৩১৫টা অস্ত্ৰোপচাৰ, চিকিৎসা উপভোগ্য সামগ্ৰী আৰু সকলো প্ৰধান চিকিৎসা গোটৰ সঁজুলিসমূহ সামৰি লয় বুলিও তেওঁ সদনত সদৰি কৰে। এই আঁচনিৰ অধীনত ২০২৩-২৪ আৰু ২০২৪-২৫ চনৰ ভিতৰত ক্ৰমে মুঠ ১,৪৭০ কোটি আৰু ২,০২২.৪৭ কোটি টকাৰ এমআৰপি মূল্যৰ ঔষধ বিক্ৰী কৰা হৈছে বুলিও  অনুপ্ৰিয়া পেটেলে লগতে উল্লেখ কৰে।

ঔষধ ভাৰতীয় ঔষধ উদ্যোগ