/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-10/jasp0545/8571a1e5-5c50-416c-9fa2-41f58ffa3319.jpg)
ডিজিটেল সংবাদ,মোৰাঝাৰ : হোজাই জিলা সাহিত্য সভাৰ অন্তৰ্গত যমুনাপৰীয়া শাখা সাহিত্য সভাৰ উদ্যোগত শনিবাৰে পদুমনি জাতীয় বিদ্যালয়ৰ সহযোগত ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হয় ৷ যমুনাপৰীয়া শাখা সাহিত্য সভাৰ সম্পাদক ছাদিকুজ জামানে আঁত ধৰা আলোচনা চক্ৰৰ সভাপতিত্ব কৰে শাখাটিৰ সভাপতি তথা কবি মোজাম্মিল আলীয়ে ৷
হোজাই জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক নজৰুল ইছলামে উদ্বোধনী ভাষণ দি আলোচনা চক্ৰৰ শুভাৰম্ভ কৰে ৷ এই আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে মোৰাঝাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক মনিৰুজ জামান উপস্থিত থাকি ধ্ৰুপদী অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশ শীৰ্ষক বিষয়ৰ ওপৰত আলোকপাত কৰে ৷
তেওঁ ১৭০০ বছৰীয়া এই অসমীয়া ভাষাৰ দীঘলীয়া ইতিহাস ভাষণ প্ৰসংগত আলোকপাত কৰাৰ লগতে শেহতীয়া অসমীয়া ভাষা সম্পৰ্কে জুবিন গাৰ্গে কৰা মন্তব্যক ভুল আখ্যা দি আধুনিক অসমীয়া ভাষা বা ছপা ভাষা সন্দৰ্ভত আলোচনা কৰে ৷ শেষত নৱপ্ৰজন্মক অসমীয়া ভাষা জীয়াই ৰখাৰ গুৰু দায়িত্ব অৰ্পণ কৰি এক আহব্বান জনায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-10/tzmpv8bn/8b0421b9-3363-4707-907a-04df5d56206b.jpg)
ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহ উপলক্ষে আয়োজিত এই সভাত পদুমনি জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা অতিথি সকলক অসমীয়া গ্ৰন্থ আৰু ফুলাম গামোছাৰে আদৰণী জনায় । সভাত শাখাটিয়ে ধ্ৰুপদী ভাষা হিচাপে শ্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰীৰ ভুমিকাৰ বাবে নৰেন্দ্ৰ মোডীক ধন্যবাদ জনাই প্ৰস্তাৱ লোৱাৰ লগতে তিনিটাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ৷
শাখাৰ উপ সভাপতি আবু ছুফিয়ানে শলাগৰ শৰাই জ্ঞাপন কৰে৷সভাৰ আৰম্ভণীতে ”চিৰ চেনেহী মোৰ ভাষা জননী” গীত আৰু সামৰণীত জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ ‘ সমবেত সংগীতেৰে আলোচনা চক্ৰ অনুষ্ঠানৰ সমৰণি পৰে।
Also Read: কৰ্কট ৰোগৰ চিকিৎসাত অত্যাধুনিক প্ৰযুক্তি কৌশলৰ ব্যৱহাৰৰ সন্দৰ্ভত গুৱাহাটীত বিশেষ আলোচনা...