যমুনামুখ আঞ্চলিক কবি সন্মিলনৰ উদ্যোগত 'কাব্যালাপ' আৰু গ্ৰন্থ উন্মোচন..

সদৌ অসম কবি সন্মিলনৰ প্ৰাণ প্ৰতিস্থাপক পথাৰৰ কবি ৰাম গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে যমুনামুখ শাখা কবি সন্মিলনৰ সভাপতি মিনতি দেৱী কাকতিয়ে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,কামপুৰ:  সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত নগাঁও জিলা কবি সন্মিলনৰ অন্তৰ্ভুক্ত যমুনামুখ শাখা কবি সন্মিলনৰ উদ্যোগত ১ ডিচেম্বৰত দিনজোৰা কাৰ্যসূচীৰে যামিনী দেৱী মজলীয়া বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কাব্যালাপ শীৰ্ষক কবিতা পাঠ আৰু এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় । সদৌ অসম কবি সন্মিলনৰ প্ৰাণ প্ৰতিস্থাপক পথাৰৰ কবি ৰাম গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে যমুনামুখ শাখা কবি সন্মিলনৰ সভাপতি মিনতি দেৱী কাকতিয়ে ।

Advertisment

প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে উপ-সভাপতি অনুপমা বৰাই । ইয়াৰ পাছতে 'কাব্যালাপ' আৰু গ্ৰন্থ উন্মোচনী সভাৰ শুভাৰম্ভণি ঘটে বণিতা আগৰৱালৰ বৰগীত পৰিবেশনেৰে । সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সম্পাদক পৱন শৰ্মাৰ সঞ্চালনাৰে অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত মিনতি দেৱী কাকতি আৰু তেওঁৰ পুত্ৰ কল্পজ্যোতি কাকতি ৰচিত 'অস্তিত্বহীন এখন আকাশ' শীৰ্ষক গ্ৰন্থৰ উন্মোচন কৰে অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান ৰামানুজনৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাই ।

গ্ৰন্থখনি উন্মোচন কৰি দিলীপ কুমাৰ বৰাই ভাষণ প্ৰসংগত গ্ৰন্থৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিস্তৃত আলোচনা আগবঢ়াই উল্লেখ কৰে যে আমাৰ দৰে তৃতীয় বিশ্বৰ দেশ সমূহে গ্ৰন্থ অধ্যয়নৰ পৰা বঞ্চিত হ'লে জ্ঞানৰ বাটত আগবাঢ়ি যোৱাত বহু বাধা আহি পৰিব। মানৱ জাতিৰ সকলোধৰণৰ উদগতিৰ মূল হৈছে গ্ৰন্থ অধ্যয়ন । লগতে বৰাই কয় যে অধ্যয়নশীল অভ্যাসে মানুহৰ দ্বায়বদ্ধতা বৃদ্ধি কৰি তোলাৰ লগতে শিক্ষাৰ দ্বাৰাই মানুহৰ প্ৰমূল্যবোধে সঠিক দিশ লাভ কৰে। 

শিক্ষাবিদ গৰাকীয়ে উপস্থিত ৰাইজলৈ উদ্দেশ্যি কয়ে যে ১৮ বছৰলৈ ছাত্ৰ-ছাত্ৰীৰ হাতত অভিভাৱকে ম'বাইল আদিৰ পৰিৱৰ্তে কিতাপ তুলি দিব লাগে।সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দুৰ্গেশ্বৰ বৰকটকীয়ে কবিতাৰ কলাত্মক দিশৰ প্ৰতি কবি সকলৰ দৃষ্টি প্ৰখৰ হ'ব লাগিব বুলি উল্লেখ কৰে।

কেইবাটিও সত্ৰত আয়োজিত কাব্যালাপ অনুষ্ঠানত কবিতা পাঠ কৰে নগাঁও জিলা সন্মিলনৰ সম্পাদক দ্বীপজ্যোতি কাকতি, প্ৰাক্তন সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা, প্ৰাক্তন সম্পাদক ৰাজু সমীৰণ, উপদেষ্টা গুণ কাকতী, অশোকৰাম ভট্টাচাৰ্য, শশী কেওঁট, মোলান লস্কৰ, কৰৱী লিগিৰা, এল. প্ৰদীপ কুমাৰ সিংহ, সঞ্জীৱ সাগৰ চৌধুৰী, পদ্মকান্ত বৰা, কবিতা বৰাৰ লগতে নগাঁও জিলা কবি সন্মিলনৰ সহযোগী সম্পাদক ৰূপম নাথ, স্বপ্না দেৱী, মুখপত্ৰ সম্পাদক প্ৰদ্যুম্ন বৰা, প্ৰচাৰ সম্পাদক নৱজ্যোতি বৰা, শিখাৰাণী শইকীয়া, উপদেষ্টা খৰ্গেশ্বৰ বৰা, কিশোৰ দাস, মহানন্দ বৰা চুতীয়া, ইন্দিৰা গোস্বামী ভট্টাচাৰ্য, তপন কুমাৰ নগঞা, আশা বৰা মন, জিনু বৰা, তুলিকা দেৱী, বিনু বৰা দাস, কংকনা শইকীয়া, নীলকমল শইকীয়া, এলবাৰ্ট বৰা, পুতু দেৱী আদিয়ে।

সভাৰ শেষলৈ যমুনামুখ শাখা কবি সন্মিলনৰ সম্পাদক মিনাৰাম নাথে বক্তব্য প্ৰদান কৰাৰ লগতে নতুন সমিতিক জিলাৰ তৰফৰ পৰা অভিনন্দনৰ এক কাৰ্যসূচীও সম্পন্ন হয়। উল্লেখ্য যে বিশিষ্ট কবি মদাৰজ্যোতিয়ে আঁতধৰা অনুষ্ঠানটিত শিশুশিল্পী বেদশ্ৰুতি নাথৰ নৃত্য পৰিবেশন, মিনাৰাম নাথ, অৰুণ বৰা আৰু পৰিতোষ পালৰ ভূপেন্দ্ৰ সংগীত পৰিবেশনে সভাৰ পৰিবেশ মনোমুগ্ধ কৰি তোলে । সভাৰ অন্ততঃ যমুনামুখ শাখা কবি সন্মিলনৰ সহযোগী সম্পাদক লক্ষেশ্বৰ বৰুৱা শলাইগৰ শৰাইৰ পাছতেই কাব্যমন্ত্ৰ পাঠেৰে অনুষ্ঠানৰ সামৰণি পৰে ।

কবি সন্মিলন