জামুগুৰিহাটৰ খলিহামাৰীত বনৰীয়া গাহৰিৰ মৃতদেহ উদ্ধাৰ

প্ৰকাণ্ড বনৰীয়া গাহৰিটোৰ গাত আঘাটৰ চিন স্পষ্ট হোৱাত গাহৰিটো আক্ৰমণৰ বলি হোৱা বুলিও স্থানীয় ৰাইজে ধাৰণা কৰিছে।

author-image
Asomiya Pratidin
New Update
image (11)

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ খলিহামাৰীত পুৱা উদ্ধাৰ কৰা হৈছে এটা প্ৰকাণ্ড বনৰীয়া গাহৰিৰ মৃতদেহ। স্থানীয় ৰাইজে  বনৰীয়া গাহৰিটোৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতে বনবিভাগক অৱগত কৰে।প্ৰকাণ্ড বনৰীয়া গাহৰিটোৰ গাত আঘাটৰ চিন স্পষ্ট হোৱাত গাহৰিটো আক্ৰমণৰ বলি হোৱা বুলিও স্থানীয় ৰাইজে ধাৰণা কৰিছে।

1 (1)

উল্লেখ্য যে, নিকটৱৰ্তী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা ওলাই আহি মৃত্যুৰ মুখত পৰা বনৰীয়া গাহৰিটোৰ ওজন আনুমানিক ৫০ কেজি হ'ব বুলি ধাৰণা কৰা হৈছে।

জামুগুৰিহাট