/asomiyapratidin/media/media_files/2025/01/10/T6heS9cyNvptp4QtJ4gi.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটত কিছুদিন ধৰি অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস।যাৰ ফলত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংঘাত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা নিশা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে অঞ্চলটোৰ বিভিন্ন স্থানত খেতি পথাৰ তহিলং কৰাৰ সময়তে কালি নিশাও অঞ্চলটোৰ দীপাটোলা,বগৰিবস্তি,নিজবস্তি আদি স্থানত উপদ্ৰৱ চলাই বাসগৃহৰ লগতে ভঁৰাল ঘৰো ভাঙি পেলাই তহিলং কৰে।
দীপাটোলাৰ তিলক মুৰা,ভক্ত গৌতমৰ বাসগৃহ ভাঙি পেলোৱাৰ লগতে বগৰিবস্তি বোধন ওৰাং আৰু নিজবস্তিৰ বিতু ভূজেলৰ ভঁৰাল ঘৰো ভাঙি লণ্ডভণ্ড কৰে। নিশা ১ মান বজাত এইদৰে বন্যহস্তীৰ জাক প্ৰবেশ কৰি আৱাস গৃহ ভঙাত তিলক মুৰা নামৰ লোকজনৰ পত্নীয়ে কোলাত থকা চাৰিমহীয়া সন্তানক লৈ বিছনাৰ তলত সোমাইহে কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়৷
পুৱালৈকে বনৰীয়া হাতীৰ জাকে গাঁৱত সন্ত্ৰাস চলোৱাৰ পিছত গাঁওবাসী লগ হৈ হাতীৰ জাকটোক খেদাৰ চেষ্টা কৰে। হাতী জাকটো সেই স্থানৰ পৰা আঁতৰি যায় যদিও পৰিয়াল কেইটাৰ বিস্তৰ ক্ষতিসাধন হয়।অঞ্চলটোত দীৰ্ঘদিন ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে যদিও বন্যহস্তীৰ আক্ৰমণ তথা উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত বনবিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us