জামুগুৰিহাটত বৃদ্ধি পাইছে বন্যহস্তীৰ সন্ত্ৰাস: কুম্ভকৰ্ণ নিদ্ৰাত বনবিভাগ

বিশেষকৈ নিশাৰ ভাগত কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি জনাঞ্চলত প্ৰবেশ কৰা বনৰীয়া হাতীৰ জাক সমূহে কৃষক ৰাইজৰ খেতিখোলা খাই তহিলং কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া ৷

New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস। এই ক্ষেত্ৰত বনবিভাগে কুম্ভকৰ্ণ নিদ্ৰাৰ ভাও জুৰি আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

বিশেষকৈ নিশাৰ ভাগত কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি জনাঞ্চলত প্ৰবেশ কৰা বনৰীয়া হাতীৰ জাক সমূহে কৃষক ৰাইজৰ খেতিখোলা খাই তহিলং কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া ৷ যোৱা নিশাও অনুৰূপ ধৰনেই বনাঞ্চল খনৰ ওলাই অহা বনৰীয়া হাতীৰ বৃহৎ জাক এটাই জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ বটিয়াৰোকাৰ কৃষক ৰাইজৰ খেতিবাটি খাই নষ্ট কৰে।

 বন্যহস্তীৰ জাকটোৱে বটিয়াৰোকা গাঁও খনৰ কৃষক ৰাইজৰ আলু ,সৰিয়হ, ৰঙালাওঁ আদিৰ খেতি খোৱাৰ লগতে খেচিগুলি তহিলং কৰিছে।বিশেষকৈ আলুৱে গোট ধৰিবৰ সময়ত এইদৰে বন্যহস্তীৰজাকে আলু,খেতি নষ্ট কৰাত চিন্তিত হৈ পৰিছে কৃষক সকল।বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত বনবিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।

জামুগুৰিহাট