/asomiyapratidin/media/media_files/2025/08/05/sfsdsa-2025-08-05-12-47-25.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ পাতলৰচকু গাঁৱত সংঘটিত হ'ল চাঞ্চল্যকৰ চুৰিকাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি গাঁওখনৰ নিৰজ বৰা নামৰ ব্যক্তিজনৰ ঘৰৰ পিছফালৰ দুৱাৰৰ তলা ভাঙি প্ৰৱেশ কৰা চোৰে লুটি নিলে নগদ এক লাখ টকাৰ লগতে সোণৰ অলংকাৰ। আনকি চোৰে ব্যক্তিজনৰ অনুজ্ঞাপত্ৰ থকা বন্দুকৰ গুলীও চুৰি কৰি নিয়ে।
সোমবাৰে পুৱাই পৰিয়ালসহ নাৰায়ণপুৰলৈ যোৱা নিৰজ বৰাই ঘৰলৈ ঘুৰি আহি থকাৰ সময়ত নিশাৰ ভাগতহে চুৰিকাণ্ডৰ বিষয়ে জানিব পাৰে। ইতিমধ্যে নিশা আৰক্ষী নিৰজ বৰাৰ ঘৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।