Advertisment

জামুগুৰিহাটত চোৰে লুটিলে নগদ ধনৰ লগতে আ-অলংকাৰ

জামুগুৰিহাটৰ বাঁহবাৰী সত্ৰ গাঁৱত নিশা ঘৰৰ গ্ৰীলত লগাই থোৱা তলা ভাঙি প্ৰবেশ কৰা চোৰে আলমিৰাৰ ল'ক খুলি লুটি নিলে নগদ ধনৰ লগতে সোণ আৰু ৰূপৰ আ-অলংকাৰ

author-image
Asomiya Pratidin
New Update
jkl

ডিজিটেল সংবাদ,জামুগুৰিহাট: জামুগুৰিহাটৰ বাঁহবাৰী সত্ৰ গাঁৱত নিশা সংঘটিত হৈছে চুৰিকাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি গাঁওখনৰ বিশ্বজিৎ কলিতা নামৰ যুৱকজনৰ ঘৰত চোৰে চলালে লুটপাত। ঘৰৰ গ্ৰীলত লগাই থোৱা তলা ভাঙি প্ৰবেশ কৰা চোৰে আলমিৰাৰ ল'ক খুলি লুটি নিলে নগদ ধনৰ লগতে সোণ আৰু ৰূপৰ আ-অলংকাৰ।

Advertisment

 পুৱা স্থানীয় ৰাইজে চুৰিৰ ঘটনাটো প্ৰত্যক্ষ কৰি ফোনযোগে গুৱাহাটীত চিকিৎসাৰ বাবে যোৱা গৃহস্থক অৱগত কৰে। ইতিমধ্যে ঘটনা সন্দৰ্ভত গাঁওৰ ৰাইজে স্থানীয় আৰক্ষীকো অৱগত কৰায়।

জামুগুৰিহাট