Advertisment

জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত নৰোৱা থানত চুৰিকাণ্ড

জামুগুৰিহাটৰ ধৰ্মীয় অনুষ্ঠান সমূহত অব্যাহত আছে  চোৰৰ লুটপাত। যোৱা নিশাও ঐতিহ্যমণ্ডিত নৰোৱা থানত চোৰে চলালে চাফাই অভিযান। চোৰৰ দলে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত নৰোৱা থানৰ তলা ভাঙি লুটি নিলে কাঁহৰ বৰতাল,ৰূপৰ ফুলিৰ লগতে নগদ ধন।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধৰ্মীয় অনুষ্ঠান সমূহত অব্যাহত আছে  চোৰৰ লুটপাত। যোৱা নিশাও ঐতিহ্যমণ্ডিত নৰোৱা থানত চোৰে চলালে চাফাই অভিযান। চোৰৰ দলে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত নৰোৱা থানৰ তলা ভাঙি লুটি নিলে কাঁহৰ বৰতাল,ৰূপৰ ফুলিৰ লগতে নগদ ধন।

Advertisment

পুৱা নামঘৰীয়া থান খনলৈ আহি চুৰিকাণ্ড প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে আৰু লগে লগে থান পৰিচালনা সমিতিক বিষয়টো অৱগত কৰে। জামুগুৰি আৰক্ষীয়ে থান পৰিচালনা সমিতিৰ এজাহাৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও চোৰৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে বিগত কিছুদিন ধৰি জামুগুৰিহাট আৰু চতিয়াৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় অনুষ্ঠান সমূহত বিশেষকৈ নামঘৰ, মন্দিৰ, থানত চোৰে চুৰিকাণ্ড সংঘটিত কৰি অহাত সমগ্ৰ বিষয়টিয়ে সচেতন ৰাইজক বাৰুকৈয়ে চিন্তিত কৰি তুলিছে।

চুৰিকাণ্ড শোণিতপুৰ জামুগুৰিহাট