ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী সমাৰোহৰ শুভাৰম্ভ...

আজিৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ হ'ল ঐতিহ্যমণ্ডিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী ৷ অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী পানীতোলাৰ শুভাৰম্ভ কৰে জনপ্ৰিয় অভিনেত্ৰী তথা মহাবিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰী ড. গায়ত্ৰী মহন্তই।

author-image
Asomiya Pratidin
New Update
িুিুি

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ   বিয়ানাম আয়তিৰ উৰুলিৰে মুখৰিত হৈ পৰিল জামুগুৰিহাটৰ ৰাজপথ ৷ আজিৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ হ'ল ঐতিহ্যমণ্ডিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী ৷ অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী পানীতোলাৰ শুভাৰম্ভ কৰে জনপ্ৰিয় অভিনেত্ৰী তথা মহাবিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰী ড. গায়ত্ৰী মহন্তই।

Advertisment

আয়তীসকলে হাতে হাতে কলহ লৈ ৰাজপথ পৰিভ্ৰমণ কৰি এক উখল মাখল পৰিৱেশৰ সৃষ্টি কৰে ৷ ঐতিহাসিক থেকেৰাগুৰি বাসুদেৱ থানত সম্পূৰ্ণ মাংগলিক পৰম্পৰাৰে পানী তুলি পুনৰ মহাবিদ্যালয় প্ৰাংগনলৈ উভতি আহে। অভিনেত্ৰী তথা প্ৰাক্তন ছাত্ৰী গায়ত্ৰী মহন্তই এই কাৰ্যসুচীত অংশগ্ৰহণ কৰি অতিকৈ আনন্দিত হৈ পৰাৰ লগতে প্ৰাক্তন ছাত্ৰী হিচাপে নষ্টালজিক হৈ পৰাও পৰিলক্ষিত হয় ৷

১৯৬৩ চনত স্থাপন হোৱা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান ত্যাগবীৰ হেম বৰুৱা মহাবিদালয়ৰ হীৰক জয়ন্তী সমাৰোহ আজিৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে। বিগত বৰ্ষত বিভিন্ন কাৰ্যসূচীৰে হীৰক জয়ন্তী বৰ্ষটি উদযাপনৰ অন্তত আজিৰ পৰা ৯ ফেব্ৰুৱাৰীলৈকে বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব। 

আজিৰ প্ৰথম কাৰ্য্যসূচী সমাপন হোৱাৰ পিচতে উদযাপন সমিতিৰ সভাপতি তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই পতাকা উত্তোলন কৰি হেম বৰুৱাৰ আৱক্ষ মূৰ্ত্তিত মাল্যৰ্পন-শ্ৰদ্ধাঞ্জলি জ্ঞাপন, শ্বহীদলৈ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ ইয়াৰ পিছতে নৱ নিৰ্মিত হীৰক জয়ন্তী আলোচনা কক্ষ আৰু শ্ৰেণীকোঠা উদ্বোধন, প্ৰদৰ্শনিদ্বাৰ উদ্ঘাটন ইত্যাদি কাৰ্যসূচী ৰূপায়ন কৰা হ'ব।

নিশালৈ অনুষ্ঠিত হ'ব কৰ্ণ পৰ্ব নাট ভাঁওনা ৷ অহাকালি বিয়লি বিশিষ্ট কবি ইন্দ্ৰ প্ৰসাদ শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত হ'ব লগা স্মৃতিগ্ৰন্থ আৰু গ্ৰন্থ উন্মোচনী সভাত সাদিন, প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই স্মৃতি গ্ৰন্থ উন্মোচন কৰিব। মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰিব শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৱে ৷

 হীৰক জয়ন্তী সমাৰোহৰ অন্তিম দিনা অৰ্থাৎ ৯ ফেব্ৰুৱাৰীত পুৱা উলিয়াব লগীয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বিশিষ্ট অভিনেত্ৰী চেতনা দাসে।উক্ত দিনা বিয়লি অনুষ্ঠিত হ'ব লগা মুকলি সভাখন উদ্বোধন কৰিব অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে ভাগ লোৱাৰ লগতে সাংসদ ৰঞ্জিত দত্ত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব।

অন্তিম দিনৰ অন্তিম কাৰ্যসূচী হিচাপে সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হ'ব লগা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় ধাৰাবাহিক বেহাৰৰাৰী আউট পোষ্টৰ পৰিয়াল আৰু জনপ্ৰিয় কন্ঠশিল্পী হ'ব বিশেষ আকৰ্ষণ।

ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়