/asomiyapratidin/media/media_files/2026/01/29/whatsapp-ima-2026-01-29-16-22-35.jpeg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত কেইটামান দিন বাকী ৷ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত যুদ্ধকালীনভাৱে চলিছে অধিৱেশনৰ প্ৰস্তুতি। ব্যস্ত হৈ পৰিছে অনাময়, পানী যোগান আঁচনিৰ লগত জড়িত লোকসকলো। অধিৱেশনস্থলীত ১৫০০ স্নানাগাৰ, ১৫০০ শৌচাগাৰৰ ব্যৱস্থা।
/asomiyapratidin/media/post_attachments/f7c56dca-ec1.png)
ইয়াৰোপৰি চাফ চিকুণতাৰ প্ৰতি লক্ষ্য ৰাখি ৫০ গৰাকী চাফাই কৰ্মী নিতৌ ব্যস্ত হৈ থাকিব চাফাই কৰ্মত ৷ ইপিনে পানীযোগান উপ সমিতিয়ে ভকতসকলে শিৱিৰসমূহত পানীৰ সুবিধা পোৱাৰ বাবে তিনিটাকৈ পাইপ লাইনৰ ব্যৱস্থা কৰাৰ লগতে তিনি শতাধিক দমকল ফিল্টাৰ ৰিজাৰ্ভাৰ ৰাণিং ৱাটাৰ আদিৰো ব্যৱস্থা কৰিছে ৷
/asomiyapratidin/media/post_attachments/935ced39-a72.png)
উল্লেখ্য যে, প্ৰতিখন উপসমিতিৰ লগত জড়িত সেৱকসকল নিজ নিজ কামত জপিয়াই পৰা দেখা গৈছে ৷ ইয়াৰ মাজতে জামুগুৰিহাটৰ ধলাইবিল চৈবাৰীৰ মাজৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনস্থলীত জ্যেতি বিষ্ণু সমন্বয় ক্ষেত্ৰত পুৱা শ্ৰমদান কাৰ্যসূচীত নিয়োজিত হৈ চাফাই অভিযান চলায় দ্বাদশ অসম আৰক্ষী বাহিনীৰ শতাধিক জোৱানে ৷ এই শ্ৰমদান কাৰ্যসূচীৰ নেতৃত্ব লয় দ্বাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক কমল কুমাৰ গুপ্তাই।
/asomiyapratidin/media/post_attachments/98a9f692-4d8.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us