ডিজিটেল সংবাদ,জামুগুৰিহাট: জামুগুৰিহাটৰ তৌভঙাৰ নবিল গাঁৱত দুদিনিয়াকৈ অনুষ্ঠিত হয় সাৰ্ব্বজনীন ৰাস মহোৎসৱ ৷ নবিল সাৰ্ব্বজনীন ৰাস মহোৎসৱ উদযাপন কমিটিৰ উদ্যোগত নানা ৰং বিৰঙী আলোকসজ্জাৰ মাজেৰে খাইলাখ বৃন্দাবন সদৃশ পৰিবেশৰ মাজত অনুষ্ঠিত হয় ৰাস মহোৎসৱ।
অন্তিম নিশা অনুষ্ঠিত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস লীলা ভাওনাত গাঁওখনৰ পুৰুষ-মহিলা, যুৱক-যুৱতী আৰু কিশোৰ-কিশোৰীয়ে ভাৱৰীয়া হিচাবে নিজৰ নিজৰ সুন্দৰ অভিনয় প্ৰতিভা প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় ৷ ৰাস মহোৎসৱ উদযাপন কমিটিৰ সভাপতি উত্তম দাস আৰু সম্পাদক শংকৰ দাসৰ বিশেষ তৎপৰতাত ৰাইজৰ সহযোগত আয়োজিত ৰাসত অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মপ্ৰাণ ৰাইজৰ অংশগ্ৰহণ কৰে।
সাৰ্ব্বজনীন ৰাস মহোৎসৱ অনুষ্ঠানটিৰ আঁত ধৰে ভাওনা শিল্পী অজিত দাসে ৷ মূখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে জিলা পৰিষদৰ প্ৰাক্তন সদস্য কিশোৰ দাহালে ৷ বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে নবিল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শান্তনু গৌতম,যুৱনেতা সঞ্জয় শৰ্ম্মা, আৰু আনন্দ দাসৰ লগতে কৃতি শিক্ষক লক্ষীৰাম দাসে ৷
এই সাৰ্ব্বজনীন ৰাস মহোৎসৱৰ দুয়োদিনাৰ সমূহ কাৰ্য্যসূচীত অংশগ্ৰহণকাৰী সকলো শ্ৰেণীৰ দৰ্শক ৰাইজৰ প্ৰতি উদযাপন কমিটিয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷