/asomiyapratidin/media/media_files/2025/04/03/UvDvJdKu5cCijyHalhNa.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো বাপতিসাহোন ৰঙালী বিহুটিক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি । ইয়াৰ মাজতে কিন্তু থমকি ৰোৱা নাই হাটিঙা ৰামপুৰৰ ৯০ উৰ্দ্ধৰ সোণ বৰুৱা ককাৰ পেপাৰ গুমগুমনি ।
আজো ককাৰ দিনৰ ২০০ বছৰীয়া পেপাটি সযতনে ৰাখি থৈছে সোণ বৰুৱা ককাই । বিহু বুলিলেই ককাৰ হেনো গা সাতখন আঠখন হৈ উঠে । যৌৱন কালৰ স্মৃতি ৰোমন্থন কৰি সোণ ককাই জীৱনৰ বিয়লি বেলাতো ঘৰৰ পদূলিতে বহি পেপা বজাই ৰঙালী বিহুটিক আদৰণি জনোৱা দেখা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us