জামুগুৰিহাটত পুত্ৰক বিচাৰি হাঁহাকাৰ এগৰাকী মাতৃৰ...

জামুগুৰিহাটত পুত্ৰক বিচাৰি হাঁহাকাৰ এগৰাকী মাতৃৰ...

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত পুত্ৰক বিচাৰি হাঁহাকাৰ এগৰাকী মাতৃৰ...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ১ নং ভৰলী চাপৰিৰ এটি ১২ (বাৰ) বছৰীয়া শিশু বিগত দহ দিন ধৰি নিৰূদ্দেশ হৈ থকাত চাঞ্চল্যৰ সৃষ্টি হৈছে।যোৱা ৩০ জুনৰ দিনা ভৰলী চাপৰিৰ হাছনাৰা বেগমৰ পুত্ৰ আজমল ইছলাম ঘৰৰ পৰা জামুগুৰি ব্যৱসায়িক কেন্দ্ৰলৈ বুলি ওলাই আহি আজিলৈকে ঘৰলৈ উভতি যোৱা নাই শিশু গৰাকী।নিৰুদ্দেশ হোৱা নিজৰ বাৰ বছৰীয়া পুত্ৰ সন্তানক বিছাৰি এতিয়া হাহাকাৰ কৰি ফুৰিছে হাছনাৰা বেগম নামৰ দুৰ্ভগীয়া মহিলা মহিলা গৰাকীয়ে।

Advertisment

নিজ পুত্ৰ সন্তানক বিছাৰি মাতৃয়ে গাঁৱে গাঁৱে চলাথ কৰিছে যদিও কোনো সম্ভেদ উলিয়াব পৰা নাই পুত্ৰৰ।উপায়হীন হৈ মাতৃ হাছনাৰা বেগমে পূত্ৰৰ নিৰূদ্দেশ সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে এই পৰ্য্যন্ত শুংসুত্ৰ উলিয়াব পৰা নাই শিশুটিৰ।

বাৰ বছৰীয়া পুত্ৰ সন্তানক বিছাৰি নাপাই সম্প্ৰতি মানসিকভাৱে হতাশগ্ৰস্ত হৈ পৰা এই গৰাকী মাতৃয়ে এতিয়া তেওৰ পুত্ৰ আজমল ইছলামৰ কোনো সম্ভেদ পালে জামুগুৰি আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

Also Read: আপুনি বাৰু জানেনেঃ বিশ্বৰ কোনখন দেশৰ পতাকাত আছে সৰ্বাধিক ৰং...

জামুগুৰিহাট