জামুগুৰিহাটৰ টুপীয়াত লক্ষ্মী পূজা উদযাপন...

জামুগুৰিহাটৰ টুপীয়াত লক্ষ্মী পূজা উদযাপন...

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ টুপীয়াত লক্ষ্মী পূজা উদযাপন...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপীয়া চাহ বাগিচাত তিনি দিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰী লক্ষী পূঁজা উদযাপন কৰা হৈছে।বিগত প্ৰায় ৪০ বছৰ ধৰি চাহবাগিছা খনৰ ভক্তপ্ৰাণ ৰাইজে এই শ্ৰীশ্ৰী লক্ষ্মী দেৱীৰ পূঁজা ভাগ অনুষ্ঠিত কৰি আহিছে আৰু এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই।

Advertisment

লক্ষীপূঁজাৰ মণ্ডপৰ চৌপাশে সহশ্ৰাধিক ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ সেয়েহে টুপীয়া চাহ বাগিচাৰ লক্ষী পূঁজা উদযাপন কমিটিৰ সভাপতি জয়ন্ত দে আৰু সম্পাদক ৰাজেন ওৰাং ৰ বিশেষ তৎপৰতাত বাগিছাখনৰ ভক্ত প্ৰাণ ৰাইজৰ সহযোগীতাত আয়োজিত শ্ৰীশ্ৰী লক্ষী পূঁজা উৎসৱ সৰ্ব্বাতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত সকলো শ্ৰেনীৰ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে৷

উদযাপন কমিটিৰ বিষয়ববীয়া ও সদস্য সকলে শ্ৰীশ্ৰী লক্ষ্মী পূঁজাৰ তিনিদিনীয়া কাৰ্য্যসুচীৰ সময়চোৱাত সকলোধৰণৰ আইন সৃংখলা পৰিস্থিতি অক্ষুণ্ণ ৰখাৰ বাবেই প্ৰয়োজনীয় শ্বেচ্ছাসেৱক নিয়োগৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে৷

জামুগুৰিহাট